কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। খবৰ অনুসৰি প্ৰিয়ংকা গান্ধীও তেওঁৰ সংস্পৰ্শলৈ আহিছিল, যাৰফলত তেওঁ লক্ষ্ণৌৰ পৰা দিল্লীলৈ উভতি আহিছে।
ছোনিয়াৰ উপৰিও, দলৰ নেতা কেচি বেণুগোপালৰ দেহতো কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। এইটো খবৰ পোৱা গৈছে যে বহুতো কংগ্ৰেছ নেতাৰ দেহত শেহতীয়াকৈ কোৰোণাৰ লক্ষণ ধৰা পৰিছে।
কংগ্ৰেছৰ মতে, ছোনিয়া গান্ধীয়ে যোৱা কেইদিনমানত দলৰ কেইবাজনো নেতাক সাক্ষাৎ কৰিছে। সেই নেতাসকলৰ কিছুমান কোৰোণা সংক্ৰমিত হোৱা দেখা গৈছে।
ছোনিয়া গান্ধীৰ শৰীৰত মৃদু জ্বৰৰ লক্ষণ আছিল। পিছত তেওঁৰ কোৰোণা পৰীক্ষা কৰোৱা হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|