কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লোকসভাৰ সাংসদ পদ খাৰিজ কৰাৰ এদিন পিছত কালি তেওঁ সংবাদ মাধ্যমৰ আগত এই ঘটনা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে। তেওঁ কয়, ‘‘মোক অযোগ্য ঘোষণা কৰা হৈছিল কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানি সন্দৰ্ভত মোৰ পৰৱৰ্তী ভাষণক লৈ ভয় খাইছে, মই তেওঁৰ চকুত এইটো দেখা পাইছোঁ।’’
ৰাহুল গান্ধীয়ে শনিবাৰে কয় যে, তেওঁ ভয় নকৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্যৱসায়ী গৌতম আদানিৰ মাজৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি থাকিব। তেওঁ কয়, ‘‘ মই আদানি বিষয়ত প্ৰশ্ন সুধি থাকিম, তেওঁলোকে মোক অযোগ্যতা বা কাৰাগাৰত ৰাখি ভয় খুৱাব নোৱাৰে। মই পিছ হুহুকি নাযাওঁ।’’
২০১৯ চনত নিজৰ "মোদী উপাধি" মন্তব্যৰ বাবে তেওঁ ক্ষমা বিচাৰিব নেকি বুলি সোধাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, ‘‘মোৰ নাম চাভাৰকাৰ নহয়, গান্ধী; আৰু গান্ধীয়ে কেতিয়াও ক্ষমা প্ৰাৰ্থনা নকৰে।’’
কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীজনে কয় যে, ‘‘মোক আজীৱন অযোগ্য ঘোষণা কৰক, মোক কাৰাগাৰৰ ভিতৰত ৰাখক, কিন্তু মই আগবাঢ়ি যাম।’’ তেওঁ লগতে কয়, ‘‘তেওঁলোকে মোক স্থায়ীভাৱে অযোগ্য ঘোষণা কৰিলেও, মই মোৰ কাম কৰি যাম। মই সংসদৰ ভিতৰত আছো নে নাই সেয়া গুৰুত্বপূৰ্ণ নহয়। মই দেশৰ হৈ যুঁজ দি থাকিম।’’
গান্ধীয়ে কয়, ‘‘মোৰ কাম হৈছে দেশৰ গণতান্ত্ৰিক প্ৰকৃতি ৰক্ষা কৰা যাৰ অৰ্থ হৈছে দেশৰ প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা, দেশৰ দৰিদ্ৰ লোকসকলৰ কণ্ঠস্বৰ ৰক্ষা কৰা আৰু আদানিৰ দৰে লোকৰ বিষয়ে মানুহক সঁচা কথা কোৱা যিয়ে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকৰ সম্পৰ্কক শোষণ কৰি আছে।’’
উল্লেখ্য যে, ২০১৯ চনত কৰ্ণাটকত কৰা 'মোদী উপাধি' মন্তব্যৰ পিছত গান্ধীক লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল। গুজৰাটৰ এখন বিচাৰ আদালতে তেওঁক অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড দিয়াৰ এদিন পিছত এই সমগ্ৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 26, 2023, 09:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।