কংগ্ৰেছৰ আন এক বলিষ্ঠ নেতাৰ বিজেপি গমন ! প্ৰাক্তন মন্ত্ৰী তথা জ্য়েষ্ঠ কংগ্ৰেছ নেতা জিতিন প্ৰসাদে যোগদান কৰিলে BJPত...

News18 Assam | News18-Assam
Updated:June 9, 2021, 2:19 PM IST
কংগ্ৰেছৰ আন এক বলিষ্ঠ নেতাৰ বিজেপি গমন ! প্ৰাক্তন মন্ত্ৰী তথা জ্য়েষ্ঠ কংগ্ৰেছ নেতা জিতিন প্ৰসাদে যোগদান কৰিলে BJPত...
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মনমোহন সিং চৰকাৰৰ মন্ত্ৰী জিতিন প্ৰসাদে (Jitin Prasada) বুধবাৰে আবেলি বিজেপিত যোগদান কৰে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মনমোহন সিং চৰকাৰৰ মন্ত্ৰী জিতিন প্ৰসাদে (Jitin Prasada) বুধবাৰে আবেলি বিজেপিত যোগদান কৰে।

  • Share this:
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মনমোহন সিং চৰকাৰৰ মন্ত্ৰী জিতিন প্ৰসাদে (Jitin Prasada) বুধবাৰে আবেলি বিজেপিত যোগদান কৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত এক চমু অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰসাদক দলৰ সদস্যপদ প্ৰদান কৰে। ইফালে, গোৱেলে কয় যে প্ৰসাদে দলত যোগদান কৰাৰ কাৰ্যই দলটোক উৎসাহিত কৰিব।

জিতিন প্ৰসাদে যোগদান কৰি কয়, "আজি যদি এনে এটা দল আছে যি সঁচাকৈয়ে এটা প্ৰতিষ্ঠান হিচাপে কাম কৰে, সেয়া হৈছে বিজেপি। বাকী দলবোৰ ব্যক্তিগত আৰু আঞ্চলিকতাবাদত সীমাবদ্ধ। প্ৰধানমন্ত্ৰী মোডীয়ে নতুন ভাৰতৰ বাবে যি নিৰ্মাণ কৰি আছে তাত সামান্য অৱদান আগবঢ়োৱাৰ এটা সৰু সুযোগো মই লাভ কৰিম।' কংগ্ৰেছৰ কথা উল্লেখ কৰি প্ৰসাদে কয় যে যদি আপুনি এটা দলত থাকিব নোৱাৰে আৰু আপোনাৰ লোকসকলক সহায় কৰিব নোৱাৰে, তেন্তে তাত বাস কৰাৰ কি লাভ। মই আশা কৰোঁ বিজেপি সমাজ সেৱাৰ মাধ্যম হৈ থাকিব।
Published by: Kokil Sarma
First published: June 9, 2021, 2:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি