• Home
  • »
  • News
  • »
  • nation
  • »
  • ছোনিয়া গান্ধী পুনৰ Covidত আক্ৰান্ত, ক'ভিড প্ৰটোকল অনুসৰি আইচ'লেছনত থাকিব কংগ্ৰেছ নেত্ৰীগৰাকী ...

ছোনিয়া গান্ধী পুনৰ Covidত আক্ৰান্ত, ক'ভিড প্ৰটোকল অনুসৰি আইচ'লেছনত থাকিব কংগ্ৰেছ নেত্ৰীগৰাকী ...

Sonia Gandhi/file image

Sonia Gandhi/file image

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক আকৌ এবাৰ ক'ৰোনা পজিটিভ পোৱা গৈছে। দলৰ সাংসদ তথা সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এটা টুইটযোগে এই কথা কয়।

  • Share this:
কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীক আকৌ এবাৰ ক'ৰোনা পজিটিভ পোৱা গৈছে। দলৰ সাংসদ তথা সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এটা টুইটযোগে কয় যে 'আজি কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ কোভিড-১৯ পৰীক্ষাৰ প্ৰতিবেদন পজিটিভ হৈছে। চৰকাৰে জাৰী কৰা প্ৰটোকলৰ মতে তেওঁ আইচ'লেছন হৈ থাকিব।" ছোনিয়া গান্ধীয়ে যোৱা তিনি মাহত দ্বিতীয়বাৰৰ বাবে কোভিড-১৯ ত আক্ৰান্ত হৈছে।


ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কংগ্ৰেছ দলৰ অন্তৱৰ্তীকালীন অধ্যক্ষৰ স্বাস্থ্যৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰে। তেওঁ কংগ্ৰেছ নেত্ৰীগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত। তেওঁ আশা কৰিছে যে ছোনিয়া গান্ধী সোনকালেই আৰোগ্য হ'ব।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি