অৰ্ণৱ গোস্বামীয়ে আগতেই জানিছিল বালাকোট ষ্ট্ৰাইকৰ কথা! লিক হোৱাটছ এপ চাটক লৈ JPC তদন্ত দাবী কংগ্ৰেছৰ

সেনাৰ গোপন পৰিকল্পনাৰ কথা আগতীয়াকৈ জানিব পাৰিছিল নেকি অৰ্ণৱ গোস্বামীয়ে?
সেনাৰ গোপন পৰিকল্পনাৰ কথা আগতীয়াকৈ জানিব পাৰিছিল নেকি অৰ্ণৱ গোস্বামীয়ে?
- News18 Assam
- Last Updated: January 18, 2021, 8:33 PM IST
প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা লোকসভাৰ সাংসদ মনীষ তিৱাৰীয়ে কয় যে, 'যদি একাংশ মিডিয়াৰ ৰিপৰ্ট শুদ্ধ হয়, তেন্তে বালাকোট এয়ৰ ষ্ট্ৰাইক আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনৰ মাজত এক সংযোগ আছিল। নিৰ্বাচনৰ স্বাৰ্থত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টোক টানি অনা হৈছিল নেকি? জইণ্ট পালিয়ামেণ্টেৰী কমিটীৰ দ্বাৰা তদন্ত কৰোৱাৰ প্ৰয়োজনীয়তা আছে।'
জয়ৰাম ৰমেশ, জিতেন্দ্ৰ সিং, অভিষেক মানু সিংভি আৰু কাৰ্তী চিদাম্বৰমেও এই বিষয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।