নিৰ্বাচনত পৰাজয়ৰ গ্লানি সহ্য কৰিব নোৱাৰিলে। মাত্ৰ ১৪টা ভোটৰ ব্যৱধানত পৰাজিত হোৱাৰ বিষয়ে জানিব পাৰি এজন কংগ্ৰেছ প্ৰাৰ্থীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
কৰুণ মৃত্যুৰ সন্মুখীন হোৱা মধ্য প্ৰদেশৰ ৰেৱাপুৰ অঞ্চলৰ এই কংগ্ৰেছ প্ৰাৰ্থীগৰাকী হৰিনাৰায়ণ গুপ্তা (
Harinarayan Gupta)। তেওঁ মধ্য প্ৰদেশৰ হনুমানাত কংগ্ৰেছৰ মণ্ডল সভাপতিও আছিল। দেওবাৰে পৌৰ পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী অখিলেশ গুপ্তাৰ হাতত মাত্ৰ ১৪ টা ভোটত পৰাজিত হয়।
তেওঁৰ ওচৰৰ লোকসকলৰ মতে, নিৰ্বাচনত পৰাজয়ৰ বাতৰি শুনি ৪৫ বছৰীয়া হৰিনাৰায়ণ গুপ্তাই অসহজ অনুভৱ কৰাত হাস্পতাললৈ নিয়া হয় যদিও হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে (Congress candidate dies of heart attack)।
উল্লেখ্য, মধ্য প্ৰদেশৰ ৪১৩খন আসনৰ পৌৰ নিগমৰ নিৰ্বাচন ৬ আৰু ১৩ জুলাইত অনুষ্ঠিত হৈছিল। ইয়াৰ ভিতৰত আছে ১৬টা নগৰপালিকা নিগম, ৯৯খন নগৰপালিকা পৰিষদ আৰু ২৯৮খন নগৰ পৰিষদ (Madhya Pradesh Municipal Election)। দেওবাৰে ভোট গণনা অনুসৰি বিজেপিয়ে এতিয়ালৈকে পাঁচখন পৌৰ নিগম দখল কৰাৰ লগতে আম আদমী পাৰ্টীয়ে জয়লাভেৰে মধ্য প্ৰদেশৰ ৰাজনীতিত ভৰি থৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|