কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাক লৈ দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই আগন্তুক মে' মাহত অনুষ্ঠিত হ'বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছ দলে ১২৪ জন প্ৰাৰ্থীৰ প্ৰথম তালিকা ঘোষণা কৰে। ‘‘আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে চিইচিয়ে চূড়ান্ত কৰা কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ইয়াত দিয়া হৈছে,’’ দলটোৱে টুইটাৰত প্ৰাৰ্থীৰ এখন তালিকা শ্বেয়াৰ কৰি এইদৰে কয়। উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিৰোধী দলৰ নেতা সিদ্ধাৰামাইয়াৰ নাম আৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডি কে শিৱকুমাৰৰ নাম প্ৰথমখন তালিকাত আছে। দলটোৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ গৃহ সমষ্টি মাইচুৰুৰ বৰুণা বিধানসভা আসনৰ পৰা আৰু কেপিচিচিৰ মুৰব্বী ডি কে শিৱকুমাৰক কনকপুৰাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।
কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ অধ্যক্ষতাত ১৭ মাৰ্চত দিল্লীত অনুষ্ঠিত দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠকৰ পিছত ৰাহুল গান্ধীৰ দৰে উল্লেখযোগ্য নেতাৰ সৈতে প্ৰাৰ্থীৰ প্ৰথম খন তালিকা চূড়ান্ত কৰিছিল। কৰ্ণাটকৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ বাবে সোমবাৰে আম আদমী পাৰ্টিয়ে ৮০ জন প্ৰাৰ্থীৰে প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পিছতেই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা কংগ্ৰেছ হৈছে দ্বিতীয় ৰাজনৈতিক দল।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 25, 2023, 13:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।