• Home
  • »
  • News
  • »
  • nation
  • »
  • Bihar Election 2020: ইভিএম কেলেংকাৰী হৈছে! আৰজেডি–কংগ্ৰেছৰ অভিযোগৰ পিছতে নাটক

Bihar Election 2020: ইভিএম কেলেংকাৰী হৈছে! আৰজেডি–কংগ্ৰেছৰ অভিযোগৰ পিছতে নাটক

আৰজেডিৰ তৰফৰ পৰা এটা ভিডিও টুইট কৰি কোৱা হয় যে, কোনোধৰণৰ পৰীক্ষা পত্ৰ নথকাকৈ এক ট্ৰাকভৰ্তি ইভিএম আৰাহৰ এটা ভোটগণনা কেন্দ্ৰত ভৰোৱা হৈছে।

  • Share this:
পাটনাঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাক কেন্দ্ৰ কৰি নাটকৰ পিছত নাটক। দিনজোৰা এনডিএ তথা মহাজোঁটৰ মাজত তীব্ৰ যুঁজৰ পিছত অৱশেষত চৰকাৰ গঠনৰ দিশে পায়গৈ বিজেপি–জেডিইউ গোট? ইয়াৰ পিছতে ইভিএম বেমেজালিৰ অভিযোগ কৰে কংগ্ৰেছ তথা আৰজেডিয়ে। অৱশ্যে নিৰ্বাচন কমিশ্যনৰ ফালৰ পৰা জনোৱা হৈছে যে ইভিএমত কোনো ধৰণৰ ভোটৰ ফল প্ৰভাৱিত হোৱা নাই।

আৰজেডিৰ তৰফৰ পৰা এটা ভিডিও টুইট কৰি কোৱা হয় যে, কোনোধৰণৰ পৰীক্ষা পত্ৰ নথকাকৈ এক ট্ৰাকভৰ্তি ইভিএম আৰাহৰ এটা ভোটগণনা কেন্দ্ৰত ভৰোৱা হৈছে। কংগ্রেছ নেতা শত্রুঘ্ন সিনহাই সেই ভিডিও ৰিটুইট কৰে ৷ অৱশ্যে পোণপটীয়াকৈ তেওঁ অভিযোগ নকৰিলেও পুত্ৰ তথা বাকীপুৰ আসনৰ প্ৰাৰ্থী লাভ সিনহাই অভিযোগ কৰে বেমেজালিৰ। আৰজেডি সমর্থকসকলেও ইভিএমৰ বিশ্বাসযোগ্যতাক লৈ প্রশ্ন কৰি বিক্ষোভ প্ৰদৰ্শন কৰে।

আনহাতে নির্বাচন আয়োগে এই সকলো অভিযোগ অস্বীকাৰ কৰি কৈছে যে আগতেও এনেধৰণে ইভিএমৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছে লগতে ছুপ্ৰীম ক’ৰ্টেও একাধিকবাৰ ইভিএমক লৈ উঠা অভিযোগ খাৰিজ কৰিছে।
First published: