বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / Congress: কংগ্ৰেছ দলৰ সংগঠনৰ সকলো পদত মহিলা আৰু যুৱসকলৰ বাবে ৫০ শতাংশ পদ সংৰক্ষণ; ২০২৫ চনৰ পৰা কেৱল ডিজিটেল সদস্যপদ

Congress: কংগ্ৰেছ দলৰ সংগঠনৰ সকলো পদত মহিলা আৰু যুৱসকলৰ বাবে ৫০ শতাংশ পদ সংৰক্ষণ; ২০২৫ চনৰ পৰা কেৱল ডিজিটেল সদস্যপদ

Congress: কংগ্ৰেছ দলৰ সংগঠনৰ সকলো পদত মহিলা আৰু যুৱসকলৰ বাবে ৫০ শতাংশ পদ সংৰক্ষণ; ২০২৫ চনৰ পৰা কেৱল ডিজিটেল সদস্যপদ

কংগ্ৰেছ দলে মহিলা, যুৱ আৰু সংখ্যালঘুসকলক ৫০ শতাংশ সংৰক্ষণ দিয়াৰ সিদ্ধান্ত লৈছে

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কংগ্ৰেছ দলে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। দলটোৱে দলীয় সংগঠনৰ সকলো পদত অনুসূচীত জাতি (SC), অনুসূচীত জনজাতি (ST), অন্যান্য পিছপৰা শ্ৰেণী (OBC), মহিলা, যুৱ আৰু সংখ্যালঘুসকলক ৫০ শতাংশ সংৰক্ষণ দিয়াৰ সিদ্ধান্ত লৈছে। ৰায়পুৰত কংগ্ৰেছ দলৰ ৮৫ তম সন্মিলনত এই সাংবিধানিক সংশোধনীটো কৰা হয়। দলটোৱে এই সিদ্ধান্তটোক সামাজিক ন্যায়ৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি বুলি অভিহিত কৰে। কংগ্ৰেছৰ বিবৃতি অনুসৰি, উদয়পুৰ শিবিৰত প্ৰস্তাৱিত ‘৫০ৰ ভিতৰত ৫০’ৰ ধাৰণাটো দলটোৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে কোৱা হৈছে যে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কংগ্ৰেছৰ কেৱল ডিজিটেল সদস্যপদ হে থাকিব।

বিজ্ঞাপন

ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনত সংশোধন কৰা দলটোৰ সংবিধান অনুসৰি, কংগ্ৰেছ ৱৰ্কিং কমিটিত (CWC) এতিয়া লোকসভা আৰু ৰাজ্যসভা দুয়োটাতে কংগ্ৰেছ নেতাসকলৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল আৰু দলটোৰ প্ৰাক্তন AICCৰ মুৰব্বীসকলকো অন্তৰ্ভুক্ত কৰিব। CWCৰ সদস্যৰ সংখ্যা পূৰ্বৰ ২৩ জনৰ পৰা ৩৫ লৈ বৃদ্ধি হ’ব। ইয়াৰে ১৮ জন সদস্য নিৰ্বাচিত কৰা হ’ব আৰু ১৭ জন মনোনীত হ’ব। উল্লেখ্য যে, কংগ্ৰেছৰ ৮৫ তম সন্মিলনৰ সময়ত দলটোৱে ইয়াৰ ৰাজনৈতিক প্ৰস্তাৱও জাৰী কৰিছিল। এই প্ৰস্তাৱত দলটোৱে ঘৃণামূলক অপৰাধৰ বিৰুদ্ধে আইন অনা, নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্যসেৱাৰ অধিকাৰ নিশ্চিত কৰা, জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা বাহাল ৰখা আদিৰ প্ৰতিশ্ৰুতি কৰিছে।

কংগ্ৰেছৰ ৰাজনৈতিক প্ৰস্তাৱত এইটোও কোৱা হৈছে যে, এই বছৰ নখন ৰাজ্যত হ’বলগা বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচন ‘‘ভাৰতৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ’’। সেয়েহে, বিজেপি নেতৃত্বাধীন NDA চৰকাৰক পৰাস্ত কৰিবলৈ আদৰ্শগত ভিত্তিত বিৰোধীয়ে একত্ৰিত হোৱাৰ আৱশ্যকতা আছে। বিবৃতিটোত কোৱা হৈছে যে, কংগ্ৰেছ দলে উত্তৰ-পূবৰ ৰাজ্যসমূহ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ বিশেষ শ্ৰেণীৰ মৰ্যাদা বাহাল ৰাখিব। কংগ্ৰেছৰ খচৰা প্ৰস্তাৱটোৱে বিজেপি নেতৃত্বাধীন চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ কৰে আৰু ইয়াৰ ওপৰত ৰাজনৈতিক প্ৰতিহিংসাৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে কয় যে বিজেপি চৰকাৰে ED, NIA, CBI আৰু ITৰ দৰে আন কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে ইয়াৰ ৰাজনৈতিক বিৰোধীসকলক ভয় খুৱাবলৈ আৰু দমন কৰিবলৈ কাম কৰিছে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন