মেগাষ্টাৰ অমিতাভ বচ্চনক চিকিৎসালয়ত ভৰ্তি! একাংশৰ মতে ভুৱা বাতৰি

অনুৰাগীৰ প্ৰাৰ্থনা, আশু আৰোগ্য কামনা

News18-Assam
Updated:October 18, 2019, 3:39 PM IST
মেগাষ্টাৰ অমিতাভ বচ্চনক চিকিৎসালয়ত ভৰ্তি! একাংশৰ মতে ভুৱা বাতৰি
অনুৰাগীৰ প্ৰাৰ্থনা, আশু আৰোগ্য কামনা
News18-Assam
Updated: October 18, 2019, 3:39 PM IST
বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ যকৃত প্ৰায় ৭৫ শতাংশ নষ্ট হৈ গ’ল বুলি খবৰ আহিছিল। বৃহস্পতিবাৰে নিশা অমিতাভ বচ্চন গুৰুতৰ ভাবে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে যদিও সম্পূৰ্ণ বাতৰিটো মিছা বুলিও প্ৰকাশ কৰিছে একাংশ সংবাদ মাধ্যমে। ফলত এতিয়া বিপাঙত পৰিছে অমিতাভ বচ্চনৰ অনুৰাগীসকল। অনুৰাগীসকলে অমিতাভ বচ্চনলৈ তেখেতৰ স্বাস্থ্যৰ সন্দৰ্ভত টুইট কৰা দেখা গৈছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি ৭৭ বছৰীয়া অভিনেতাজন ১৫ অক্টোবৰৰ নিশা হৰ্ঠাৎ অসুস্থ হৈ পৰে। ফলত নিশা ২ বজাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰকাশিত বাতৰি অনুসৰি চিকিৎসালয় খনত তিনিদিন ধৰি বিশেষ স্পেচিয়েল কেবিনত ৰখা হৈছে বিগ বিক।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি