INCOME TAX SLABS, BUDGET 2020: চাকৰিয়াললৈ আয়কৰৰ বৃহৎ সকাহ, কিন্তু তাতো আছে চৰ্ত!

News18 Assam | News18-Assam
Updated:February 1, 2020, 5:57 PM IST
INCOME TAX SLABS, BUDGET 2020: চাকৰিয়াললৈ আয়কৰৰ বৃহৎ সকাহ, কিন্তু তাতো আছে চৰ্ত!

  • Share this:
কেন্দ্ৰীয় বাজেট ২০২০ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে মধ্যবিত্তীয় আয়কৰ দাতাসকলক বিশেষ সকাহ প্ৰদান কৰি নতুন টেক্স শ্লেব ঘোষণা কৰিছে। এতিয়া বছৰি ৫লাখ টকা পৰ্যন্ত উপাৰ্জনত দিব নালাগে কোনো ধৰণৰ আয়কৰ। আয়কৰ শ্লেবক পাঁচটা ভাগত বিভক্ত কৰা হৈছে।

আয়কৰৰ নতুন পাঁচটা শ্লেব

প্ৰথম–৫লাখ টকাৰ পৰা ৭.৫লাখলৈকে উপাৰ্জনত  ১০% আয়কৰ

দ্বিতীয়-৭.৫লাখ টকাৰ পৰা ১০লাখ টকালৈকে ১৫% আয়কৰ

তৃতীয়–১০ৰ পৰা ১২.৫লাখলৈকে উপাৰ্জনত ২০% আয়কৰ

চতুৰ্থ–১২.৫লাখ টকাৰ পৰা ১৫লাখ টকালৈকে উপাৰ্জনত ২৫% আয়কৰ

পঞ্চম–১৫লাখ টকাৰ পৰা অধিক উপাৰ্জনৰ সকলে ৩০% আয়কৰ ভৰিব লাগিব।

অৱশ্যে এই নতুন পৰিৱৰ্তনত আছে বিশেষ চৰ্ত। এই ৰেহাই লাভ কৰিবলৈ আপুনি বিনিোগৰ ওপৰত লোৱা লাভ এৰিব লাগিব, যদি আপুনি বিনিয়োগৰ লাভ উঠাইছে তেনেহ’লে পুৰণি দৰতে আয়কৰ ভৰিব লাগিব। মুঠতে ১৫লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে ৭৮হাজাৰ টকালৈকে লাভ উঠাব পাৰিব।

চৰকাৰে কৰদাতাক দিছে দুটা বিকল্পঃ

বাজেট দাখিল কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, এতিয়া কৰদাতাৰ ওচৰত দুটা বিকল্প আছে। ধৰি লওক যে আপোনাৰ বছৰি উপাৰ্জন ১০লাখ টকা। ইয়াত প্ৰথম বিকল্প হিচাপে আপুনি ৫লাখ টকালৈকে নিজৰ উপাৰ্জন টেক্স ফ্ৰী কৰিব পাৰে। বাকী কৰ দিবলগীয়া উপাৰ্জনৰ ওপৰত শ্লেব অনুসৰি কৰ আদায় দিয়ক। ইয়াৰ অধীনত আপুনি ৫লাখৰ পৰা ৭.৫লাখ টকালৈ উপাৰ্জনত ১০শতাংশ, ৭.৫লাখৰ পৰা ১০লাখলৈ ১৫শতাংশ, ১০লাখৰ পৰা ১২.৫টকালৈ ২০শতাংশ, ১২.৫ লাখ টকাৰ পৰা ১৫লাখ টকালৈ ২৫শতাংশ আৰু ১৫লাখ টকালৈ উপাৰ্জনত ৩০শতাংশ কৰ দিব লাগিব। আনহাতে দ্বিতীয় বিকল্প অনুসৰি আপুনি পুৰণি আয়কৰ ব্যৱস্থা অনুসৰি কৰ দিব পাৰে। অৰ্থাৎ যদি আপুনি ৫লাখ টকাৰ অধিক উপাৰ্জন কৰে তেনেহ’লে ২.৫লাখলৈ আমদানি কৰমুক্ত আৰু ইয়াৰ ওপৰৰ উপাৰ্জনৰ ওপৰত কৰ ৰেহাই পাবলৈ বিনিয়োগ কৰিব লাগিব। অৱশ্যে এই বিকল্প বাচনি কৰিবলৈ নিজৰ কোম্পানীক আপুনি জনাব লাগিব।

কৰদাতাক উৎপীড়ন নকৰে চৰকাৰেঃনিৰ্মলা সীতাৰমন

বিত্ত মন্ত্ৰীয়ে কয় যে, কৰক লৈ কোনেও অশান্তি নাপায়। আইনৰ অধীনত টেক্স পেয়াৰ চাৰ্টাৰ অনা হ’‍। মানুহৰ মনৰ পৰা কৰক লৈ ভয় শেষ কৰা হ’ব। কৰ আদায় কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা হ’ব। কৰ ফাঁকি দিয়াসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব।

কিমান আয়কৰ দিব লাগিব আপুনি? হিচাপ কৰি চাওক?
আৰু চাওক
পৰৱৰ্তী বাতৰি