৩ মে'ৰ পৰা ২০ মে'লৈকে দেশজুৰি সম্পূৰ্ণ Lockdown? কি ক'লে কেন্দ্ৰীয় চৰকাৰে?

News18 Assam | News18-Assam
Updated:May 1, 2021, 9:25 AM IST
৩ মে'ৰ পৰা ২০ মে'লৈকে দেশজুৰি সম্পূৰ্ণ Lockdown? কি ক'লে কেন্দ্ৰীয় চৰকাৰে?
কোৰোণাৰ ভয়াৱহতা অব্যাহত থকাৰ সময়তে ছচিয়েল মিডিয়াত প্ৰচাৰ চলিছে যে, অহা ৩ মে'ৰ পৰা ২০ মে'লৈকে দেশজুৰি বলবৎ হ'ব সম্পূৰ্ণ ল'কডাউন। পিছে কিমান সঁচা এই খবৰ?

কোৰোণাৰ ভয়াৱহতা অব্যাহত থকাৰ সময়তে ছচিয়েল মিডিয়াত প্ৰচাৰ চলিছে যে, অহা ৩ মে'ৰ পৰা ২০ মে'লৈকে দেশজুৰি বলবৎ হ'ব সম্পূৰ্ণ ল'কডাউন। পিছে কিমান সঁচা এই খবৰ?

  • Share this:
৩ মে'ৰ পৰা ২০ মে'লৈকে দেশজুৰি সম্পূৰ্ণ Lockdown ঘোষণা কৰা হ'ব নেকি?  শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে। উল্লেখ্য যে, শেহতীয়াকৈ ছচিয়েল মিডিয়াত প্ৰচাৰ চলিছে যে, দেশৰ ভয়াৱহ কোৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩ মে'ৰ পৰা ২০ মে'লৈকে দেশজুৰি সম্পূৰ্ণ Lockdown ঘোষণা কৰা হ'ব। PIB Fact Check অনুসৰি, 'Complete Lockdown in India' দাবীক সম্পূৰ্ণ ৰূপে নস্যাৎ কৰাৰ লগতে  এনেধৰণৰ উৰা বাতৰিৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈ আহ্বান জনায়।

'এনেধৰণৰ এটা পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈছে যে,  দেশৰ কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অহা ৩ মে'ৰ পৰা ২০ মে'লৈকে দেশজুৰি সম্পূৰ্ণ Lockdown বলবৎ কৰিব। এই দাবী সম্পূৰ্ণ ৰূপে ভুৱা। কেন্দ্ৰীয় চৰকাৰে এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।'



কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে  জনাইছিল যে, 'ল'কডাউনৰ পৰিৱৰ্তে প্ৰয়োজনত সৰু সৰু কণ্টেইনমেণ্ট জন ঘোষণা কৰিব লাগে, যিসমূহ ঠাইক কোৰোণাৰ দ্বিতীয় ঢৌৱে স্পৰ্শ কৰিছে।'
Published by: Himangshu Bhuyan
First published: May 1, 2021, 9:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি