Covid19 Curbs : পুনৰ লকডাউনৰ পৰা সান্ধ্য আইনলৈকে! কোৰোণাক ৰুধিবলৈ দেশজুৰি প্ৰান্তে প্ৰান্তে এতিয়া ভিন্ন নিষেধাজ্ঞা

News18 Assam | News18-Assam
Updated:April 7, 2021, 12:28 PM IST
Covid19 Curbs : পুনৰ লকডাউনৰ পৰা সান্ধ্য আইনলৈকে! কোৰোণাক ৰুধিবলৈ দেশজুৰি প্ৰান্তে প্ৰান্তে এতিয়া ভিন্ন নিষেধাজ্ঞা
কিছুমান ৰাজ্যত কোৰোণা সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে।

কিছুমান ৰাজ্যত কোৰোণা সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে।

  • Share this:
দেশত হঠাৎ পুনৰবাৰ ভয়াৱহ হাৰত কোৰোণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱা ঘটনাই চৰকাৰৰ লগতে চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক। কিছুমান ৰাজ্যত কোৰোণা সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে। স্বাস্থ্য মন্ত্ৰণালয়ে তৰফৰ পৰা কোৱা হৈছে যে ছত্তীশগড় এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। এখন সৰু ৰাজ্য হোৱা সত্ত্বেও ছত্তীশগড়ত ৬% ঘটনা আৰু দেশৰ মুঠ মৃত্যুৰ ৩% হোৱা ঘটনাই চিন্তাৰ কৰাণ হৈ পৰিছে৷

ৰাজ্য চৰকাৰসমূহেও এতিয়া এই সংক্ৰমণ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে এক মিনি লকডাউনৰ ঘোষণা কৰিছে, আনহাতে দিল্লীত ৩০ এপ্ৰিললৈকে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন ঘোষণা কৰা হৈছে। কোৰোণাৰ এই পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ আন বহু ঠাইতো নৈশ সান্ধ্য আইন আৰু আংশিক লকডাউন আৰম্ভ কৰা হৈছে।

যোধপুৰত ৩০ এপ্ৰিললৈকে নৈশ সান্ধ্য আইন -

কোৰোণা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই যোধপুৰ জিলা প্ৰশাসনে ৩০ এপ্ৰিললৈকে সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে। এই সম্পৰ্কত যোধপুৰ জিলা উপায়ুক্তগৰাকীয়ে কয়, “নিশা ৮ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে, যিহেতু কোৰোণাৰ এই দ্বিতীয় ঢৌ অতি বিপজ্জনক। কিছুমান ৰাজ্যত পৰিস্থিতি ভয়ংকৰ হৈ উঠিছে।” উল্লেখ্য যে ৰাজস্থানত মঙলবাৰে ১২গৰাকীকৈ লোকৰ মৃত্যু হৈছিল।

দিল্লীত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি -

দিল্লীতো কোভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ ঘটইাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেজৰিৱাল চৰকাৰে মঙলবাৰে তাৎক্ষণিকভাৱে সমগ্ৰ মাহটোৰ বাবে ৭ ঘণ্টাৰ নৈশ সান্ধ্য আইন জাৰি কৰিছে। অৱশ্যে কিছুমান ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে। দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(DDMA)য়ে দিল্লীৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছিল। DDMAৰ এই নৈশ সান্ধ্য আইনৰ নিৰ্দেশ ৩০ এপ্ৰিললৈকে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্যকৰী হৈ থাকিব।

গৰ্ভৱতী মহিলা, ৰোগী, বিমানবন্দৰ, ৰে'ল ষ্টেচন আৰু বাছ টাৰ্মিনাচত অহা–যোৱা লোকসকলে কূটনৈতিক কাৰ্যালয়ৰ কাম-কাজৰ সৈতে সম্পৰ্কিত বিষয়া আৰু বৈধ পৰিচয় পত্ৰ প্ৰদৰ্শনৰ বাবে সাংবিধানিক পদত অধিষ্ঠিত যিকোনো লোকক টিকট প্ৰদৰ্শনৰ পিছতে চলাচল কৰিবলৈ অনুমতি দিয়া হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সকলো চিকিৎসা প্ৰতিষ্ঠান, আৰক্ষী, কাৰাগাৰ, গৃহৰক্ষী, অগ্নি নিৰ্বাপক আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ সৈতে জড়িত কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ বিষয়াসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

Covid19: চণ্ডীগড়তো নৈশ সান্ধ্য আইন জাৰি -
চণ্ডীগড় প্ৰশাসনেও কোভিড-১৯ সংক্ৰমণৰ বৰ্ধিত সংখ্যাৰ বাবে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কেন্দ্ৰীয়শাসিত অঞ্চলত নৈশ সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্ত লৈছে। মুখপাত্ৰগৰাকীয়ে কয় যে বুধবাৰৰ পৰা নৈশ সান্ধ্য আইন কাৰ্যকৰী হ'ব। চণ্ডীগড়ৰ প্ৰশাসক ভি পি সিং বদনোৰে আৰক্ষীক নৈশ সান্ধ্য আইন কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। লগতে চিকিৎসালয় কৰ্তৃপক্ষক সকলো স্বাস্থ্য কৰ্মীকে অতি শীঘ্ৰে টিকাকৰণ কৰিবলৈও কোৱা হৈছে। বদনোৰে কৈছিল যে যদি মানুহে অৱহেলা কৰে তেন্তে সপ্তাহজোৰা সান্ধ্য আইন আৰু জনবহুল ঠাই বন্ধ কৰাৰ দৰে পদক্ষেপৰ বিবেচনা কৰা হ'ব পাৰে।

মহাৰাষ্ট্ৰ -
মহাৰাষ্ট্ৰত কোৰোণা বৰ্ধিত ঘটনাই চিন্তাত কৰি তুলিছে সকলোকে৷ বিগত কেইদিনমানত ৰাজ্যখনত কোৰোণা ভাইৰাছ সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত, চৰকাৰে সোমবাৰৰ পৰা ৩০ এপ্ৰিললৈ সপ্তাহজোৰা লকডাউন আৰু নৈশ সান্ধ্য আইনৰ ঘোষণা কৰিছিল৷ ইয়াৰ উপৰিও ব্যক্তিগত কাৰ্যালয়, থিয়েটাৰ আৰু চেলুন আদিও বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল।

আনহাতে, কোভিড-১৯ ৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বৃহনমুম্বাই পৌৰ নিগম (BMC)য়ে ইয়াৰ মুখ্য কাৰ্যালয় আৰু চহৰখনৰ আন কাৰ্যালয়সমূহত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। সোমবাৰে বিএমচিয়ে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, জনপ্ৰতিনিধিৰ বাহিৰে আন কোনো ব্যক্তি, জৰুৰী কামৰ পৰা অহা বা পূৰ্ব নিৰ্ধাৰিত সভাত উপস্থিত থকা সকলক BMC কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব।

নিৰ্দেশটোত কোৱা হৈছে যে কিছুমান বিশেষ ক্ষেত্ৰত বিভাগটোৰ মুৰব্বীয়ে কেৱল ৪৮ ঘণ্টাৰ পূৰ্বে আৰটি-পিচিআৰ কোৰোণা পৰীক্ষা কৰা লোকসকলকহে প্ৰৱেশৰ বাবে পাছ জাৰি কৰিব।

পঞ্জাব -
কোভিড-১৯ ৰ ঘটনাৰ বৃদ্ধিৰ মাজতে পঞ্জাব চৰকাৰে সংক্ৰমণ ৰোধ কৰিবলৈ বৰ্তমানৰ কোভিড-১৯ সম্পৰ্কীয় নিষেধাজ্ঞা ১০ এপ্ৰিললৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিছিল। চৰকাৰে লুধিয়ানা আৰু পাটিয়ালাকে ধৰি নৈশ সান্ধ্য আইন ৯খনৰ পৰা ১১ খন জিলালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। নিশা ৯ বজাৰ পৰা পুৱা ৫ লৈকে নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।

গুজৰাট -
গুজৰাট চৰকাৰে কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে আহমেদাবাদ, চুৰাট, বদোদৰা আৰু ৰাজকোটত নিশা ৮ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে ৷

ওড়িশাৰ ১০ খন জিলাত নৈশ সান্ধ্য আইন জাৰি -
ৰাজ্যখনত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ৫৭৩টা নতুন ঘটনা পোহৰলৈ অহাৰ পিছতে ওড়িশা চৰকাৰে সোমবাৰে ১০ খন জিলাত নৈশ সান্ধ্য আইন কৰিছিল। এই তথ্য স্বাস্থ্য বিভাগৰ এজন বিষয়াই দিছিল।

বিষয়াজনে কৈছিল যে সুন্দৰগড়, বৰগড়, ঝাৰচুগুড়া, সম্বলপুৰ, বালাংগীৰ, নৌপাৰা, কালাহাণ্ডি, মালকানগিৰি, কোৰাটপুৰ আৰু নবৰংপুৰ জিলাত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হ'ব। স্বাস্থ্য সেৱাৰ সঞ্চালক বিজয় পানীগ্ৰাহীয়ে কৈছিল যে ওড়িশাত ছত্তীশগড়ৰ পৰা সীমান্তৱৰ্তী জিলাৰ পৰা অহা লোকসকলক কোভিড-১৯ পৰীক্ষা কৰিব লাগিব।

হিমাচল প্ৰদেশ-
হিমাচল প্ৰদেশত, ৰাজ্য চৰকাৰে মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত ৫০ গৰাকী লোকৰ লগতে ঘৰুৱা অনুষ্ঠানত ৫০ গৰাকী আৰু মুকলি পথাৰৰ অনুষ্ঠিত বিবাহ অনুষ্ঠানত ২০০ গৰাকীতকৈ অধিক লোকৰ উপস্থিতিৰহে অনুমতি প্ৰদান কৰিছে।
Published by: Sanjay Kumar Das
First published: April 7, 2021, 12:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি