আঠখেলীয়া বৰনামঘৰলৈ অহা ভক্তপ্ৰাণ ৰাইজক শীতল পানীয় যোগান।
আঠখেলীয়া বৰনামঘৰলৈ অহা ভক্তপ্ৰাণ ৰাইজক শীতল পানীয় যোগান।
- News18
- Last Updated :
গৌতম বৰা , যোৰহাট : শংকৰ-আজানৰ দেশ অসমত পুনৰ দেখিবলৈ পোৱা গল সম্প্ৰীতিৰ উজ্জ্বল নিৰ্দশন। পৱিত্ৰ ভাদ মাহত ধৰ্মীয় সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে তিতাবৰ বৰহোলাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে। আঠখেলীয়া বৰনামঘৰলৈ অহা ভক্তপ্ৰাণ ৰাইজক শীতল পানীয় যোগান ধৰি আদৰণি জনালে অঞ্চলটোৰ ইছলামধৰ্মী লোকসকলে।নামঘৰলৈ যোৱা প্ৰতিজন ভক্তৰ হাতত তুলি ধৰিলে এগিলাচকৈ চৰবত।
তিতাবৰ বৰহোলাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে সাতামপুৰুষীয়া একতাৰ এনাজৰী ডাল অধিক কটকটীয়া কৰাৰ প্ৰয়াস কৰিলে এনেদৰে। একাংশ মানুহে ধৰ্মীয় বিভেদৰ বীজ সিঁচাৰ অপচেষ্ট কৰাৰ সময়তে বৰহোলা বাসীৰ এই কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে ।
![]()
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|