‘এক দেশ এক ভাষা’– শুনিবলৈ হে ভাল, কিন্তু অসম্ভৱ!

হিন্দী দিৱসৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ‘এক দেশ এক ভাষা পোষকতা কৰাৰ পিছত এতিয়া সমগ্ৰ দেশতে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া।

News18-Assam
Updated:September 18, 2019, 3:34 PM IST
‘এক দেশ এক ভাষা’– শুনিবলৈ হে ভাল, কিন্তু অসম্ভৱ!
ৰজনীকান্ত
News18-Assam
Updated: September 18, 2019, 3:34 PM IST
দক্ষিণ ভাৰতৰ ছবি উদ্যোগৰ ছুপাৰষ্টাৰ ৰজনীকান্তে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ কৰা ‘এক দেশ এক ৰাষ্ট্ৰ’ প্ৰস্তাৱক বিৰোধিতা কৰিছে। ৰজনীকান্তৰ মতে,  ‘এক দেশ এক ভাষা’  প্ৰচলন ভাৰতৰ দৰে দেশত শুনিবলৈ হে ভাল, কিন্তু এনে এখন বহু ভাষিক দেশত ইয়াক বলৱৎ কৰাতো বাস্তৱ ক্ষেত্ৰত সম্ভৱ নহয়। যদি এই প্ৰস্তাৱক কাৰ্যকৰী ৰূপ দিবলৈ চেষ্টা কৰে তেন্তে দক্ষিণৰ লগতে উত্তৰ পূৱ ভাৰতত পৰিস্থিতি ভয়াৱহ হৈ পৰিব বুলি মত ব্যক্ত কৰে ৰজনীকান্তে।



হিন্দী দিৱসৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ‘এক দেশ এক ভাষা পোষকতা কৰাৰ পিছত এতিয়া সমগ্ৰ দেশতে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। দক্ষিণ ভাৰতত অমিত শ্বাহৰ মন্তব্যক তীব্ৰ বিৰোধীতা কৰা দেখিবলৈ পোৱা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি