• Home
  • »
  • News
  • »
  • nation
  • »
  • জিম কৰি থাকোতেই হাৰ্ট এটেক, হাস্পতালত ভৰ্তি কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

জিম কৰি থাকোতেই হাৰ্ট এটেক, হাস্পতালত ভৰ্তি কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

জিমলৈ গৈ ট্ৰেডমিলত খোজকাঢ়ি থকা অৱস্থাতে বুকুৰ যন্ত্ৰণা অনুভৱ কৰে কমেডিয়ান আৰু উত্তৰ প্ৰদেশৰ ফিল্ম ব’ৰ্ডৰ অধ্যক্ষগৰাকীয়ে।

  • Share this:
হৃদৰোগত আক্ৰান্ত জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ। ভৰ্তি কৰোৱা হৈছে দিল্লীৰ এইম্ছ হাস্পতালত। বৰ্তমান তেওঁৰ স্বাস্থ সুস্থিৰ বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, জিমলৈ গৈ ট্ৰেডমিলত খোজকাঢ়ি থকা অৱস্থাতে বুকুৰ যন্ত্ৰণা অনুভৱ কৰে কমেডিয়ান আৰু উত্তৰ প্ৰদেশৰ ফিল্ম ব’ৰ্ডৰ অধ্যক্ষগৰাকীয়ে। অসুস্থতাৰ কথা তেওঁ জিম প্ৰশিক্ষকক নিজেই জনায়। কিন্তু পিছ মুহূৰ্ততে তেওঁ লুটি কাই পৰে মাটিত।

লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। ভৰ্তি কৰোৱা হয় এইম্ছত। দুবাৰ তেওঁক সিপিআৰ দিয়া হয়। এইম্ছৰ সূত্ৰই জনাইছে, চিকিৎসক নীতিশ ন্যায়ৰ তত্বাবধানত চিকিৎসা চলি আছে ৰাজু শ্ৰীৱাস্তৱৰ। কমেডিয়ানগৰাকীৰ চিকিত্সাৰ বাবে গঠন কৰা হৈছে চিকিৎসকৰ বিশেষ দলো।

ৰাজু শ্ৰীবাস্তৱৰ ভাতৃ আশিস শ্ৰীবাস্তৱে জনায়, ৰাজনৈতিক নেতাক সাক্ষাৎ কৰিবলৈ মুম্বাইলৈ গৈছিল ৰাজু। বুধবাৰে পুৱা জিমলৈ গৈছিল তেওঁ। সেইদিনাই কিছু পিছত আন এটা জিমলৈ গৈছিল। তাতেই তেওঁ অসুস্থ হৈ পৰে। কিন্তু হাস্পতাললৈ নিয়াৰ পিছতে তেওঁ সুস্থ হয়। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা স্থিতিশীল। বৰ্তমান তেওঁ বিপদমুক্ত বুলি জনাইছে ৰাজুৰ ভাতৃয়ে। পৰিয়ালৰ সৈতে তেওঁক সাক্ষাৎ কৰিবলৈ দিয়া হৈছে।
Published by:Sanjay Kumar Das
First published: