সংসদত কংগ্ৰেছৰ আত্মঘাতী গ’ল! অমিত শ্বাহক প্ৰশ্ন – কাশ্মীৰ কেনেকৈ ভাৰতৰ আভ্যন্তৰীণ বিষয় হ’ল?

অধীৰ ৰঞ্জন চৌধুৰীৰ এই মন্তব্যই উদঙাই দিছে কাশ্মীৰ প্ৰসংগক কংগ্ৰেছৰ নগ্ন স্বৰূপ।

News18-Assam
Updated:August 6, 2019, 12:28 PM IST
সংসদত কংগ্ৰেছৰ আত্মঘাতী গ’ল! অমিত শ্বাহক প্ৰশ্ন – কাশ্মীৰ কেনেকৈ ভাৰতৰ আভ্যন্তৰীণ বিষয় হ’ল?
Photo : Lok Sabha TV
News18-Assam
Updated: August 6, 2019, 12:28 PM IST
কাশ্মীৰ প্ৰসংগক লৈ লোকসভাত আত্মঘাতী গ'ল খালে কংগ্ৰেছে। জম্মু কাশ্মীৰৰ দ্বিখণ্ডিতকৰণৰ বিৰোধিতা কৰি লোকসভাত বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা বিচাৰিছিল স্পষ্টীকৰণ। ১৯৪৮ চনৰ পৰাই ৰাষ্ট্ৰসংঘৰ বিবদমান কাশ্মীৰ কেনেকৈ ভাৰতৰ আভ্যন্তৰীণ বিষয় হ'ল বুলি অমিত শ্বাহক প্ৰশ্ন কৰিছিল অধীৰ ৰঞ্জন চৌধুৰীয়ে। অধীৰ ৰঞ্জন চৌধুৰীৰ এই মন্তব্যই উদঙাই দিছে কাশ্মীৰ প্ৰসংগক কংগ্ৰেছৰ নগ্ন স্বৰূপ।

লক্ষ্যণীয় যে মোদী চৰকাৰৰ যিকোনো কামতে সৰৱ বিৰোধ কৰি অহা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে জম্মু–কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ প্ৰসংগত এইপৰ্যন্ত প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি