পেণ্টৰ ভিতৰত সোমাল ফেঁটী সাপ! ৭ ঘণ্টা একে ঠাইতে থিয় হৈ থাকিল যুৱক, চাওক Video

News18 Assam | News18-Assam
Updated:July 29, 2020, 6:21 PM IST
পেণ্টৰ ভিতৰত সোমাল ফেঁটী সাপ! ৭ ঘণ্টা একে ঠাইতে থিয় হৈ থাকিল যুৱক, চাওক Video
যেতিয়া লোকজনে জানিব পাৰিলে যে পেণ্টৰ তলত সাপ সোমাইছে, তেতিয়া ভয়ত পেপুৱা লাগিল লোকজন।

যেতিয়া লোকজনে জানিব পাৰিলে যে পেণ্টৰ তলত সাপ সোমাইছে, তেতিয়া ভয়ত পেপুৱা লাগিল লোকজন।

  • Share this:
সাপ দেখিলেই ভয়ত আমাৰ বুকু কঁপি উঠে। তাতে যদি ফেঁটী সাপ হয়, তেন্তে কথাই নাই। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত এনে এক ঘটনা সংঘটিত হৈছে, যি ঘটনাই অবাক কৰি তুলিছে স্থানীয় লোকসকলক। এজন লোকৰ পেণ্টৰ ভিতৰত সোমাল এটা ফেঁটী সাপ। তাৰ পিছত লোকজনৰ অৱস্থা কেনে হ’ব পাৰে ভাবি চাওক।

জামালপুৰ থানাৰ অন্তৰ্গত শিকান্দাৰপুৰ গাঁৱত এই ঘটনা সংঘটিত হয়। চৰকাৰী আঁচনিৰ অধীনত এখন প্ৰাথমিক বিদ্যালয়ত কাম কৰিছিল কেইজনমান শক্তি বিভাগৰ কৰ্মীয়ে। লোকসকলৰ ঘৰ এলাহাবাদত। দিনত কাম কৰি নিশা স্কুলৰ বাৰান্দাতে শুইছিল লোককেইজনে। নিশা প্ৰায় ১২ বজাত এজন লোকৰ পেণ্টৰ তলত সোমাল বিষাক্ত ফেঁটী সাপডাল।

যেতিয়া লোকজনে জানিব পাৰিলে যে পেণ্টৰ তলত সাপ সোমাইছে, তেতিয়া ভয়ত পেপুৱা লাগিল লোকজন। ভয়ে ভয়ে লোকজন থিয় হয় আৰু পেণ্টটো আধালৈ খুলি দি সাপডাল ওলাই যোৱালৈ বাট চালে। কিন্তু সাপডাল ওলাই নাযায়হে নাযায়। ইফালে দংশন কৰাৰ ভয়ত লোকজনে লৰচৰো কৰিব নোৱাৰা হৈ একে ঠাইতে থিয় হৈ থাকিল।


অলপ সময় নহয়, সাত ঘণ্টা ধৰি পেণ্টৰ ভিতৰত সোমাই থাকিল সাপডাল। আৰু লোকজনে লৰচৰ নকৰাকৈ সাত ঘণ্টা ধৰি একে ঠাইতে থিয় হৈ থাকিল। পুৱা সাপ ধৰা লোক আহি পেণ্ট কাটি উলিয়াবলৈ সক্ষম হয় সাপডাল। সৌভাগ্যক্ৰমে লোকজনক দংশন নকৰিলে সাপডালে। ঘটনাস্থলীত সাজু কৰি ৰখা হৈছিল এম্বুলেঞ্চ, উপস্থিত হৈছিল আৰক্ষীও। কিন্তু অসীম ধৈৰ্যৰে কিদৰে সাত ঘণ্টা ধৰি লোকজন থিয় হৈ থাকিল সেই ঘটনাই অবাক কৰি তুলিছে সকলোকে।
Published by: Sanjay Kumar Das
First published: July 29, 2020, 6:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading