• Home
  • »
  • News
  • »
  • nation
  • »
  • স্ত্ৰী আছিল সন্তানসম্ভৱা, মাত্ৰ কেইটামান দিনৰ পিছত আহিবলগীয়া সন্তান চাবলৈ নাপালে অভিশপ্ত বিমানৰ কো–পাইলট অখিলেশে

স্ত্ৰী আছিল সন্তানসম্ভৱা, মাত্ৰ কেইটামান দিনৰ পিছত আহিবলগীয়া সন্তান চাবলৈ নাপালে অভিশপ্ত বিমানৰ কো–পাইলট অখিলেশে

সন্তানসম্ভৱা আছিল অখিলেশৰ পত্নী। শুকুৰবাৰে সন্ধিয়াৰ দুৰ্ঘটনাই চকুৰ পলকতে চাৰ–খাৰ কৰি দিলে সকলো সপোন। 

সন্তানসম্ভৱা আছিল অখিলেশৰ পত্নী। শুকুৰবাৰে সন্ধিয়াৰ দুৰ্ঘটনাই চকুৰ পলকতে চাৰ–খাৰ কৰি দিলে সকলো সপোন। 

সন্তানসম্ভৱা আছিল অখিলেশৰ পত্নী। শুকুৰবাৰে সন্ধিয়াৰ দুৰ্ঘটনাই চকুৰ পলকতে চাৰ–খাৰ কৰি দিলে সকলো সপোন। 

  • Share this:
কোঝিকোড়ঃ পাইলটে যি নিৰ্দেশ দিয়ে সেয়া আখৰে আখৰে পালন কৰিব লাগিব। সেয়াই নিয়ম। সেয়ে ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ দীপক বসন্ত সাঠেই যেতিয়া দুবাৰ ব্যৰ্থ হৈও শেষত অৱতৰণৰ সিদ্ধান্ত লৈছিল তেতিয়া নিজৰ দায়িত্ব পালন কৰি গৈছিল তেওঁৰ কো–পাইলট অখিলেশ কুমাৰে। তাৰ পিছৰ ঘটনা সকলোৱে জানে। কোঝিকোড়ৰ ঘটনাত কমেও ২০জনৰ প্ৰাণ গ’ল। তাৰ মাজত আছে দীপক বসন্ত সাঠে আৰু কো–পাইলট অখিলেশো। অখিলেশৰ স্ত্ৰী সন্তানসম্ভৱা। শুকুৰবাৰে সন্ধিয়াৰ দুৰ্ঘটনাই চকুৰ পলকতে শেষ কৰি দিলে সকলো সপোন।

সংবাদমাধ্যমৰ আগত অখিলেশৰ ভাতৃ বাসুদেৱে জনায়, "মোৰ বৌ সন্তানসম্ভৱা, অহা ১৫-১৭ দিনৰ ভিতৰত তেওঁৰ প্ৰসৱৰ দিন। আমাৰ কিমান ডাঙৰ ক্ষতি হ’ল সেয়া বুজাব নোৱাৰো।"

কান্দোনত ভাগি পৰা অখিলেশৰ ভাতৃয়ে কয়, "দাদা বৰ নম্র স্বভাৱৰ আছিল। তিনি বছৰমান পূৰ্বে তেওঁ এয়াৰ ইণ্ডিয়াত যোগ দিছিল। শেষবাৰ তেওঁ ঘৰলৈ আহিছিল লকডাউন আৰম্ভ হোৱাৰ পূৰ্বে। তাৰ পিছত বন্দে ভাৰত মিছনৰ কাম কৰিবলৈ গৈছিল।"

কোঝিকোড়ৰ দুর্ঘটনাক লৈ এতিয়া নানান জনে নানানটা কথা কৈছে। কোনোবাই কৈছে টেবলটপ তত্বৰ কথা, কোনোবাই পাইলটৰ গাত দোষ জাপিছে। কিন্তু এনডিআৰএফৰ ডিজি এছ এন প্রধানৰ স্পষ্ট কথা, নিজে মৰি বহুতৰ প্ৰাণ বচাই থৈ গ’ল পাইলট, কো–পাইলটে।
First published: