CNN-News18ৰ দেশৰ এক নম্বৰ ইংৰাজী চেনেলৰ আসন পুনৰ দখল

বিগত সপ্তাহত বাৰ্কৰ ৰেটিং অনুসৰি দেশৰ এক নম্বৰ ইংৰাজী চেনেলৰ আসন CNN-News18-এ আকৌ এবাৰ দখল কৰে। প্ৰতিদ্বন্দ্বী  ৰিপাব্লিক টিভি আৰু টাইমছ নাও-ক বৃহৎ ব্যৱধানত ধৰাশায়ী কৰা চেনেলটোৱে।

news18
Updated:June 7, 2019, 1:11 PM IST
CNN-News18ৰ দেশৰ এক নম্বৰ ইংৰাজী চেনেলৰ আসন পুনৰ দখল
বিগত সপ্তাহত বাৰ্কৰ ৰেটিং অনুসৰি দেশৰ এক নম্বৰ ইংৰাজী চেনেলৰ আসন CNN-News18-এ আকৌ এবাৰ দখল কৰে। প্ৰতিদ্বন্দ্বী  ৰিপাব্লিক টিভি আৰু টাইমছ নাও-ক বৃহৎ ব্যৱধানত ধৰাশায়ী কৰা চেনেলটোৱে।
news18
Updated: June 7, 2019, 1:11 PM IST
Network18 গ্ৰুপৰ জনপ্ৰিয় ইংৰাজী চেনেলটোৱে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰি মাৰ্কেট শ্বেয়াৰৰ ৩৯.২শতাংশ দখল কৰে (Week 22, NCCS All 2+, all days, all India)। সাধাৰণ দৰ্শকৰ পৰা বিজ্ঞাপনদাতালৈ সকলোপক্ষকে প্ৰভাৱিত কৰা গ্ৰামাঞ্চলৰ পৰা ছয়খন মেট্ৰ’ চহৰক সামৰি  AB Male 22+ মুখ্য টাৰ্গেট গ্ৰুপৰ বেছিভাগ দৰ্শকৰ সঁহাৰি লাভ কৰে চেনেলটোৱে। ভিউৱাৰশ্বিপৰ প্ৰতিটো ক্ষেত্ৰত CNN-News18–এ দক্ষতা প্ৰদৰ্শন কৰে।

প্ৰতিদ্বন্দ্বী  ৰিপাব্লিক টিভি (২৭.৫%) আৰু টাইমছ নাও (১৮.৬%)ক বৃহৎ ব্যৱধানত ধৰাশায়ী কৰা চেনেলটোৱে। ৰিপাব্লিক টিভিয়ে ১২শতাংশ কম শ্বেয়াৰ পোৱাৰ বিপৰীতে টাইমছ নাওৰ শ্বেয়াৰ আছিল চেনেলটোৰ ৩৯.২শতাংশ শ্বেয়াৰৰ আধাতকৈও কম।

সমগ্ৰ নিৰ্বাচনী সময়চোৱাত দৰ্শকৰ ক্ষেত্ৰত চেনেলটোৱে বিপুল সঁহাৰি লাভৰ ধাৰা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ৰ পৰা সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ ভোটগণনাৰ দিনটোত CNN-News18–এ দৰ্শকৰ মাজত সমাদৃত হৈছে। CNN-News18 আৰু News18.com–এ নিৰ্বাচনৰ প্ৰতিটো খবৰ লগে লগে দৰ্শকক প্ৰদান কৰিবলৈ বিশেষ অনুষ্ঠানৰ পৰিকল্পনা কৰি সফলভাৱে ৰূপায়ণ কৰিছে।




Network18 হৈছে দেশৰ একমাত্ৰ নেটৱৰ্ক যিয়ে দেশৰ প্ৰতিটো ভোটকেন্দ্ৰ সামৰি নিৰ্বাচনী খবৰ প্ৰদান কৰিছিল। আটাইতকৈ দ্ৰুত আৰু সঠিক ফলাফল প্ৰদান কৰিবলৈ হায়দৰাবাদত ইলেকচন ৰিজাল্ট হাব প্ৰতিষ্ঠা কৰা হৈছিল। এই হাবত প্ৰতিটো ভোটকেন্দ্ৰৰ খবৰ লগে লগে অহাৰ বাবে তাৎক্ষণিকভাৱে সেয়া দেশৰ লক্ষ লক্ষ টিভি ছেট আৰু ম’বাইল স্ক্ৰীণত প্ৰতিফলিত কৰাত আমি সক্ষম হৈছিলো।

ইয়াৰ লগতে অনুষ্ঠান পৰিৱেশনৰ নতুনত্ব প্ৰদান কৰি CNN-News18–এ ‘Magic Wall’ সংস্থাপন কৰিছিল যাৰ দ্বাৰা বিশ্লেষণাত্মক ফলাফল প্ৰদান কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ আশ্ৰয় লোৱা হৈছিল। এই উন্নত মানৰ প্ৰযুক্তিৰে নিৰ্বাচনী ফলাফলৰ প্ৰতিটো সূক্ষ্ম দিশ পুংখানুপুংখভাৱে দৰ্শকৰ মাজতৈ উলিয়াই দিবলৈ সক্ষম হৈছিল নেটৱৰ্ক 18। এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে জৰিত হৈ আছিল বঁটা বিজয়ী সাংবাদিক আৰু সম্পাদকৰ এক অভিজ্ঞ মণ্ডলী। এই দলটোৱে সমষ্টিভিত্তিক পৰ্যৱেক্ষণ কৰি সকলো গুৰুত্বপূৰ্ণ ডাটা ৰাইজক প্ৰদান কৰিছিল। এই প্ৰযুক্তিৰ সহায়ত শুদ্ধ তথ্য প্ৰদান কৰাৰ লগতে প্ৰতিটো ধাৰাৰ বিগত নিৰ্বাচনৰ সৈতে তুলনা কৰি উপস্থাপন কৰা হৈছিল। বিজয়ী আৰু পৰাজিত প্ৰাৰ্থী, তেওঁৰ মাজৰ ব্যৱধান, ডাঙৰ বিজয়ী আদি সকলো তথ্য দৰ্শকে তুলনাত্মক তথ্যৰে লাভ কৰিছিল।

প্ৰযুক্তি আৰু উদ্ভাৱনী শক্তিৰ আমোঘ সংযোগৰ মাজেৰে CNN-News18–এ অগমেণ্টেড আৰু ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ সহায় লৈ অতি আকৰ্ষণীয় উপস্থাপন শৈলীৰে নিৰ্বাচনী ফলাফল প্ৰদান কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি