মুখ্যপৃষ্ঠা »খবৰ »দেশ »CNN-News18 : ভাৰতৰ ইংৰাজী নিউজ চেনেলৰ শীৰ্ষ স্থানত চিএনএন নিউজ১৮

CNN-News18 : ভাৰতৰ ইংৰাজী নিউজ চেনেলৰ শীৰ্ষ স্থানত চিএনএন নিউজ১৮

BARCৰ ৰিপোৰ্ট অনুসৰি ৰিপাব্লিক টিভিয়ে নিজৰ স্থান হেৰুৱাই এই মুহূৰ্তত তৃতীয় স্থানত আছে।

BARCৰ ৰিপোৰ্ট অনুসৰি ৰিপাব্লিক টিভিয়ে নিজৰ স্থান হেৰুৱাই এই মুহূৰ্তত তৃতীয় স্থানত আছে।

BARCৰ ৰিপোৰ্ট অনুসৰি ৰিপাব্লিক টিভিয়ে নিজৰ স্থান হেৰুৱাই এই মুহূৰ্তত তৃতীয় স্থানত আছে।

  • Share this:
চিএনএন-নিউজ১৮ ভাৰতৰ ইংৰাজী নিউজ চেনেলৰ শীৰ্ষত স্থানত। টাইমছ নাও আৰু ৰিপাব্লিকতকৈ আগবাঢ়ি গৈ ই প্ৰথম স্থান অধিকাৰ কৰে। BARCৰ তথ্য অনুসৰি, নগৰ আৰু গ্ৰাম্যকে ধৰি (AB15+ segment) ২৬.৩ শতাংশ মাৰ্কেট শ্বেয়াৰৰ সৈতে দেশৰ শীৰ্ষ ইংৰাজী চেনেল হৈ উঠিছে CNN News18। ২০২২ চনৰ ১৪-১৭তম সপ্তাহত BARCৰ ৰিপোৰ্ট অনুসৰি ৰিপাব্লিক টিভিয়ে নিজৰ স্থান হেৰুৱাই এই মুহূৰ্তত তৃতীয় স্থানত আছে। দ্বিতীয় স্থানত আছে টাইমছ নাও।

প্ৰাইম টাইম ছেগমেণ্টত (2+ [Mon-Friday] 1800-2300 hrs) CNN News18 চেনেলটোৱে ৪০.২ শতাংশ ভিউৱাৰশ্বিপ লাভ কৰিছে, যি ৰিপাব্লিকতকৈ ২৫ শতাংশ আৰু টাইমছ নাওতকৈ ২০.২ শতাংশ বেছি।

চেনেলটোৱে এই কৃতিত্ব লাভৰ পিছত চিএনএন-নিউজ১৮ৰ মেনেজিং এডিটৰ জাক্কা জেকবে কয়, "মই মোৰ দৰ্শকসকলক ধন্যবাদ জনাব বিচাৰোঁ, যিসকলে চিএনএন-নিউজ১৮ আৰু আমাৰ সাংবাদিকতাৰ প্ৰ'গ্ৰামিঙত অপৰিসীম বিশ্বাস দেখুৱাইছে।"

তেওঁ পুনৰ কয়- "আমি সদায় ইয়াক উৎকৃষ্ট কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছোঁ। আমি সকলো সময়তে নিজৰ ক্লাছ অনুসৰি কাম কৰিছোঁ, য'ত চাদৰ ওপৰৰ পৰা চিঞৰা নহয়। আৰু আমাৰ কামৰ ধৰণ আৰু অনুষ্ঠানৰ ওপৰত ই প্ৰভাৱ পেলাইছে। চিএনএন-নিউজ১৮ দেশৰ আটাইতকৈ কম বয়সীয়া নিউজ ৰুম। আমি নতুন আৰু যুৱ সমাজক লৈ গঢ়ি উঠা দল, আমি মাত্ৰ আৰম্ভহে কৰিছোঁ।"

Network18 গ্ৰুপৰ বিজনেছ নিউজৰ মুখ্য কাৰ্যবাহী বিষয়া স্মৃতি মেহৰাই কয়, "চেনেলটো চৰম দেশপ্ৰেমৰ দ্বাৰা নহয়, বাস্তৱতাৰ ভিত্তিত মতামত আৰু বাতৰি পৰিৱেশন কৰি শীৰ্ষত উপনীত হৈছে। চেনেলটোৰ কেইবাটাও নতুন অনুষ্ঠান যেনে বিটছ টু বিলিয়ন - দ্য ইউনিকৰ্ণ ষ্টৰী, প্লেন স্পিক, এ বিলিয়ন নিউ আইডিয়াছে চেনেলটো সমৃদ্ধ কৰিছে। চিএনএন নিউজ১৮ দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ তালিকাত শীৰ্ষস্থানত আছে।''

উল্লেখ্য, এই চেনেলটোৱে কিছুমান উল্লেখযোগ্য কাৰ্যসূচী হাতত লৈছিল। #DontShowMeYourFace আছিল মহামাৰীৰ সময়ত মানুহক মাস্ক পিন্ধাক লৈ সচেতন কৰা আৰু মহামাৰীৰ সময়ত #ExtraordinaryAmongUsৰ সৈতে চিকিৎসকসকলক তেওঁলোকৰ অক্লান্ত সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা।

শেহতীয়া বাতৰি