আজি অযোধ্যাত ভগৱান ৰামৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব যোগী আদিত্যনাথে

কৰ্ণাটকৰ কাবেৰী কৰ্ণাটক ষ্টেট আৰ্টছ এণ্ড ক্ৰাফ্ট এম্প’ৰিয়ামৰ পৰা ৩৫ লাখ টকাৰে কিনা হৈছে এই আকৰ্ষণীয় প্ৰতিমূৰ্তিটো।

news18assam
Updated:June 7, 2019, 10:53 AM IST
আজি অযোধ্যাত ভগৱান ৰামৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব যোগী আদিত্যনাথে
কৰ্ণাটকৰ কাবেৰী কৰ্ণাটক ষ্টেট আৰ্টছ এণ্ড ক্ৰাফ্ট এম্প’ৰিয়ামৰ পৰা ৩৫ লাখ টকাৰে কিনা হৈছে এই আকৰ্ষণীয় প্ৰতিমূৰ্তিটো।
news18assam
Updated: June 7, 2019, 10:53 AM IST
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি অযোধ্যালৈ ৰাওনা হ’ব। জানিব পৰা অনুসৰি মহন্ত নৃত্য গোপাল দাসৰ ৮১সংখ্যক জন্মদিন সমাৰোহ উদ্বোধন কৰাৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকৰ পৰা অনা ভগৱান ৰামৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। ৭ ফুট ওখ এই প্ৰতিমূৰ্তিটো অযোধ্যা শোধ সংস্থাৰ শিল্প সংগ্ৰহালয়ত স্থাপন কৰা হ’ব। কৰ্ণাটকৰ কাবেৰী কৰ্ণাটক ষ্টেট আৰ্টছ এণ্ড ক্ৰাফ্ট এম্প’ৰিয়ামৰ পৰা ৩৫ লাখ টকাৰে কিনা হৈছে এই আকৰ্ষণীয় প্ৰতিমূৰ্তিটো।

দুপৰীয়া ২.৩০ বজাত অযোধ্যা বিমানবন্দৰত উপস্থিত হ’ব যোগী আদিত্যনাথ। তাৰ পৰা ২.৫০ বজাত উপস্থিত হ’ব অযোধ্যা শোধ সংস্থাত। ৩ বজালৈ অযোধ্যা শোধ সংস্থাত থাকি ৩.২৫ বজাত উপস্থিত হ’ব মণিৰাম দাস ছাৱনী প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰত। মহন্ত নৃত্য গোপাল দাসৰ জন্মোৎসৱৰ শুভ উদ্বোধন কৰিব আদিত্যনাথে। ৪.৩০ বজাৰ পৰা ৫ বজালৈ সাধুসকলক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ৫ বজাৰ পৰা ৬ বজালৈ অযোধ্যাত বিভিন্ন আঁচনিৰ কাম–কাজ পৰ্যবেক্ষণ কৰিব। ৬.১০ বজাত লক্ষ্ণৌলৈ ৰাওনা হ’ব যোগী আদিত্যনাথ।
আৰু চাওক পৰৱৰ্তী বাতৰি