ক্ষেত্ৰীত উৎপাদন হ’ব ইজৰাইলৰ শাক–পাচলি! ইজৰাইলৰ ৰাষ্ট্রদূতৰ উপস্থিতিত আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

News18 Assam | News18-Assam
Updated:November 2, 2020, 7:36 PM IST
ক্ষেত্ৰীত উৎপাদন হ’ব ইজৰাইলৰ শাক–পাচলি! ইজৰাইলৰ ৰাষ্ট্রদূতৰ উপস্থিতিত আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ
ক্ষেত্ৰীত ভাৰত–ইজৰাইলৰ মাজৰ কৃষি উৎকৰ্ষ সাধন কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন।

ক্ষেত্ৰীত ভাৰত–ইজৰাইলৰ মাজৰ কৃষি উৎকৰ্ষ সাধন কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন।

  • Share this:
অসমলৈ আহিছে ইজৰাইলৰ ৰাষ্ট্ৰদূত ড০ ৰন মাল্কা। ইণ্ডো–ইজৰাইলৰ মাজত সূচনা হ’ব নতুন কৃষি বিপ্লৱৰ। কৃষি বিপ্লৱৰ জৰিয়তে দুযোখন দেশৰ মাজত মৈত্ৰী স্থাপনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এনে উদ্দেশ্য আগত ৰাখিয়েই সোমবাৰে গুৱাহাটীৰ সমীপৱৰ্তী ক্ষেত্ৰীত ভাৰত–ইজৰাইলৰ মাজৰ কৃষি উৎকৰ্ষ সাধন কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে।

ইজৰাইলৰ ৰাষ্ট্ৰদূত ড০ ৰন মাল্কাৰ উপস্থিতিত প্ৰস্তাৱিত কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কৃষি মন্ত্ৰী অতুল বৰাৰ মতে, শীঘ্ৰে কৃষকৰ বাবে মুকলি হ’ব এই অত্যাধুনিক কৃষি প্ৰকল্পটো। কেন্দ্ৰটোৰ অধীনত ইজৰাইলৰ বেঙেনা, কেপচিকাম, ফ্ৰেচবীন, জলকীয়া ইত্যাদি শাক–পাচলি উৎপাদন হ’ব। ইণ্ডো–ইজৰাইল কৃষি উৎকৰ্ষ সাধন কেন্দ্ৰটো চৰকাৰ, কৃষক, কৃষি বিজ্ঞানী আৰু ৰাইজৰ মাজৰ যোগাযোগৰ কেন্দ্ৰও হ’ব বুলি কয় কৃষি মন্ত্ৰী অতুল বৰাই।

ভাৰতস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত ড০ ৰন মাল্পাই ক্ষেত্ৰীলৈ আহি অভিভূত হৈ পৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে আশা কৰিছে যে এই কৃষি কেন্দ্ৰৰ জৰিয়তে দুয়োখন দেশৰ মৈত্ৰী স্থাপন হ’ব। দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা ড০ ৰণ মাল্কাই মঙলবাৰে নতুন দিল্লীলৈ উভতি যাব। অসমৰ ভূমিত ইজৰাইলৰ কৃষি উৎপাদনৰ সুবিধা দিয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ভূয়সী প্ৰশংসা কৰে।
Published by: Sanjay Kumar Das
First published: November 2, 2020, 7:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading