ঘৰে ঘৰে গৈ ভোট বিচাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, দিলে প্ৰতিশ্ৰুতিও, পিছে ক’ত?

News18 Assam | News18-Assam
Updated:February 4, 2020, 3:50 PM IST
ঘৰে ঘৰে গৈ ভোট বিচাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, দিলে প্ৰতিশ্ৰুতিও, পিছে ক’ত?
দিল্লীত বিজেপি শাসনলৈ আহিলে দিল্লীস্থ অসমীয়াৰ কাৰণে এটা নামঘৰ আৰু দিল্লীত শ্ৰীমন্ত শংকৰদেৱৰ নামত এটা পথ নামকৰণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

দিল্লীত বিজেপি শাসনলৈ আহিলে দিল্লীস্থ অসমীয়াৰ কাৰণে এটা নামঘৰ আৰু দিল্লীত শ্ৰীমন্ত শংকৰদেৱৰ নামত এটা পথ নামকৰণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
এইবাৰ দিল্লীৰ নিৰ্বাচনী প্ৰচাৰত নামিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পূব দিল্লীৰ ৰোহটাছ নগৰৰ বিজেপিৰ প্ৰাৰ্থী জিতেন্দ্ৰ মহাজনৰ হৈ প্ৰচাৰ চলালে সোণোৱালে। মুখ্যমন্ত্ৰী উপস্থিত হোৱা মাত্ৰকে জয়শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হ’ল সমগ্ৰ অঞ্চল। ৰোহটাছ নগৰৰ ঠেক গলিত প্ৰাৰ্থীৰ সৈতে প্ৰায় তিনি কিলোমিটাৰ পদযাত্ৰা কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অঞ্চলটোৰ ঘৰে ঘৰে গৈ বিজেপিৰ কাৰণে ভোট বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। দিল্লীত বিজেপিক শাসনলৈ আনিবলৈ বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনতাক চৰম প্ৰতাৰণা কৰাৰো অভিযোগ উত্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে।

আনহাতে দিল্লীত বিজেপি শাসনলৈ আহিলে দিল্লীস্থ অসমীয়াৰ কাৰণে এটা নামঘৰ আৰু দিল্লীত শ্ৰীমন্ত শংকৰদেৱৰ নামত এটা পথ নামকৰণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি