• Home
  • »
  • News
  • »
  • nation
  • »
  • যিয়ে সুৰাপান কৰি ভাল পায়, তেওঁলোকক বিহাৰলৈ নাযাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

যিয়ে সুৰাপান কৰি ভাল পায়, তেওঁলোকক বিহাৰলৈ নাযাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

২০১৬ চনৰ এপ্ৰিলত বিহাৰত (Bihar) সুৰা নিষিদ্ধকৰণ কাৰ্যকৰী হৈছিল।

২০১৬ চনৰ এপ্ৰিলত বিহাৰত (Bihar) সুৰা নিষিদ্ধকৰণ কাৰ্যকৰী হৈছিল।

২০১৬ চনৰ এপ্ৰিলত বিহাৰত (Bihar) সুৰা নিষিদ্ধকৰণ কাৰ্যকৰী হৈছিল।

  • Share this:

সুৰা নিষিদ্ধক লৈ অটল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ (Nitish Kumar)। ইয়াৰ বিৰুদ্ধে সমাজ সুধাৰ অভিযান (Samaj Sudhar Abhiyan) অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে ৰোহতাস জিলাৰ চাচাৰাম নামৰ ঠাইত কৰা এখন এই সম্পৰ্কীয় সভাত উল্লেখ কৰে- ''যিসকলৰ সুৰাপান কৰাৰ ইচ্ছা আছে, তেওঁলোকে বিহাৰলৈ আহিব নালাগে।''


মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ''যিসকলে সুৰা পান কৰি নিজকে সক্ষম বুলি গণ্য কৰে, তেওঁলোকক মই সক্ষম বুলি বিবেচনা নকৰোঁ, সুৰা পান কৰি কোনো লোক সক্ষম নহয়।''


উল্লেখ্য, সুৰা নিষিদ্ধ (Liquor Ban) ৰাজ্য বিহাৰত বাহিৰৰ পৰা যোৱা লোকক এনে কঠোৰ আইনৰ পৰা ৰেহাই দিয়াৰ বাবে দাবী উত্থাপন হৈছিল। কিন্তু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শুকুৰবাৰে আইনৰ পৰা সকাহ দিয়াৰ দাবী নাকচ কৰে। তেওঁ লগতে সুৰা আসক্তসকলক চিকিৎসাৰ স্বাৰ্থতো ৰেহাই দিয়াৰ পৰামৰ্শ অস্বীকাৰ কৰে আৰু কয় যে মানুহে সুৰা পান কৰি তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাইছে, তেওঁলোকক সুৰা পান কৰাত বাধা দিয়াৰ বাবে এনে হোৱা নাই।


২০১৬ চনৰ এপ্ৰিলত বিহাৰত (Bihar) সুৰা নিষিদ্ধকৰণ কাৰ্যকৰী হৈছিল। কুমাৰে নিষিদ্ধকৰণ আইনৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছিল আৰু বাল্য বিবাহ আৰু যৌতুক প্ৰথাৰ দৰে সামাজিক কুফলৰ সমাপ্তিৰ বাবেও আহ্বান জনাইছিল।

Published by:Gautam Barman
First published: