• Home
  • »
  • News
  • »
  • nation
  • »
  • Eknath Shinde's Trust Vote: আন এক আগ্নিপৰীক্ষাৰ সন্মুখীন হ'ব একনাথ সিন্দেই, মহাৰাষ্ট্ৰ বিধানসভাত কাইলৈ আস্থা ভোট

Eknath Shinde's Trust Vote: আন এক আগ্নিপৰীক্ষাৰ সন্মুখীন হ'ব একনাথ সিন্দেই, মহাৰাষ্ট্ৰ বিধানসভাত কাইলৈ আস্থা ভোট

Eknath Shinde's Trust Vote: উদ্ধৱ থাকৰে নেতৃত্বাধীন এমভিএ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ সফলতাৰে নেতৃত্ব দি উৎখাত কৰাৰ  পিছত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দে সোমবাৰে আন এক পৰীক্ষাৰ সন্মুখীন হ’ব।

  • Share this:
উদ্ধৱ থাকৰে (Uddhav Thackeray) নেতৃত্বাধীন এমভিএ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ সফলতাৰে নেতৃত্ব দি উৎখাত কৰাৰ  পিছত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দে (Eknath Shinde) সোমবাৰে আন এক পৰীক্ষাৰ সন্মুখীন হ’ব। সোমবাৰে মহাৰাষ্ট্ৰৰ বিধান সভাত আস্থা ভোট (Trust Vote)ৰ সন্মুখীন হ'ব লাগিব একনাথ সিন্দেই। দেওবাৰে তেওঁৰ প্ৰথম পৰীক্ষা আছিল।  বিধানসভাৰ দুদিনীয়া বিশেষ অধিবেশনত বিজেপি (BJP)ৰ ৰাহুল নাৰ্ভেকাৰ অধ্যক্ষৰূপে নিৰ্বাচিত হোৱাটো সিন্দেৰ ডাঙৰ জয়লাভ আছিল।

চাৰিদিন পুৰণি একেবাৰে নতুন শিৱসেনা-বিজেপি চৰকাৰে (Shiv Sena-BJP Govt) এতিয়া বিশেষ বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা ফ্ল’ৰ টেষ্টৰ সন্মুখীন হ’ব। ইয়াৰ পূৰ্বে অৱশ্যে একনাথ সিন্দে নেতৃত্বাধীন সেনা ফৈদে বিধানসভাত নাৰভেকাৰক অধ্যক্ষৰূপে বিজয়ী কৰোৱাত সফল হয়। প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে সমৰ্থিত প্ৰাৰ্থী ৰাজন ছালৱী আছিল নাৰভেকাৰৰ বিৰুদ্ধে। প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা নাৰ্ভেকাৰ হৈছে দেশৰ সৰ্বকনিষ্ঠ বিধানসভাৰ অধ্যক্ষ।

উল্লেখ্য বিদ্ৰেহী ৩৯গৰাকী শিৱ সেনা বিধায়কৰ সৈতে সিন্দে শিবিৰত ১৭০ জনৰো অধিক বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰি আহিছে একনাথ সিন্দেই।
Published by:Manjumoni Borah
First published: