জম্মু–কাশ্মীৰত শ্বহীদ হোৱা দুই চিআৰপিএফ জোৱানৰ পৰিয়াললৈ ২৫ লাখ টকা আৰু চৰকাৰী চাকৰি!

১২ জুনত জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা উত্তৰ প্ৰদেশৰ দুগৰাকী বীৰ জোৱানৰ পৰিয়াললৈ এই সাহাৰ্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

news18assam
Updated:June 15, 2019, 12:19 PM IST
জম্মু–কাশ্মীৰত শ্বহীদ হোৱা দুই চিআৰপিএফ জোৱানৰ পৰিয়াললৈ ২৫ লাখ টকা আৰু চৰকাৰী চাকৰি!
১২ জুনত জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা উত্তৰ প্ৰদেশৰ দুগৰাকী বীৰ জোৱানৰ পৰিয়াললৈ এই সাহাৰ্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।
news18assam
Updated: June 15, 2019, 12:19 PM IST
১২ জুনত জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা উত্তৰ প্ৰদেশৰ ২ চি আৰ পি এফৰ জোৱানৰ পৰিয়াললৈ ২৫ লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বৃহস্পতিবাৰে বীৰ শ্বহীদ দুজনলৈ শ্ৰদ্ধাঞ্জলি জনাই দেশৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া দুই বীৰ শ্বহীদৰ পৰিয়ালৰ এজনক চৰকাৰী চাকৰি প্ৰদান কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰকীয়ে।

১২ জুনত জম্মু-কাশ্মীৰৰ অনন্তনাগৰ কে পি ৰোডত এটা তহলদাৰী নিৰাপত্তাৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীৰ এটা দলে। পিছত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা  সংঘৰ্ষত ৫ জনকৈ চি আৰ পি এফৰ জোৱান শ্বহীদ হয়। শ্বহীদ সকলৰ ভিতৰত দুগৰাকী আছিল উত্তৰ প্ৰদেশৰ।

আক্ৰমণক লৈ শোক ব্যক্ত কৰি শ্বহীদ জোৱানৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে নিজৰ দেশ মাতৃক ৰক্ষা কৰিবলৈ যাওতে মৃত্যুক সাৱটি লোৱা দিয়োগৰাকী শ্বহীদ দেশৰ বাবে সদায়েই অমৰ হৈ থাকিব।জোৱান ২ জনৰ মৃত্যুত যাতে  পৰিয়ালে কোনো ধৰণৰ  আৰ্থিক সংকটত ভূগিব নালাগে, তাৰ বাবে ৰাজ্য চৰকাৰে পৰিয়ালৰ এজনকৈ লোকক চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি