বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণত কেইবাজনো লোক নিহত, বহুলোক সন্ধানহীন ! প্ৰধানমন্ত্ৰী মোডীৰ শোক প্ৰকাশ ...

অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণত কেইবাজনো লোক নিহত, বহুলোক সন্ধানহীন ! প্ৰধানমন্ত্ৰী মোডীৰ শোক প্ৰকাশ ...

উদ্ধাৰ অভিযান চলি আছে (Twitter)

উদ্ধাৰ অভিযান চলি আছে (Twitter)

জম্মু-কাশ্মীৰত, অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণে এক ডাঙৰ দুৰ্ঘটনাৰ সৃষ্টি কৰিছে। ঘটনাটোত তেৰজন লোক নিহত হৈছে, আনহাতে বহুলোক সন্ধানহীন বুলি কোৱা হৈছে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

জম্মু-কাশ্মীৰত, অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণে এক ডাঙৰ দুৰ্ঘটনাৰ সৃষ্টি কৰিছে। ঘটনাটোত তেৰজন লোক নিহত হৈছে, আনহাতে বহুলোক সন্ধানহীন বুলি কোৱা হৈছে। এই ঘটনাৰ পিছত, অমৰনাথ যাত্ৰা বন্ধ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। আজি সন্ধিয়া ৫.৩০ বজাত ডাৱৰ বিস্ফোৰণ হৈছিল।

এনডিআৰএফৰ মুৰব্বী অতুল কাৰৱালে কৈছিল যে অমৰনাথ গুহাৰ তলৰ অংশত সন্ধিয়া প্ৰায় ৫.৩০ বজাত ডাৱৰ বিস্ফোৰণৰ খবৰ পোৱা গৈছিল। আমাৰ এটা দল গুহাৰ ওচৰত অৱস্থিত, সেই দলটো তৎক্ষণাৎ উদ্ধাৰ অভিযানত জড়িত হৈ পৰিছিল। তাত উপস্থিত থকা আমাৰ লোকসকলৰ মতে, ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আৰু ৩ জনক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

বিজ্ঞাপন

ঘটনাটোৰ পিছত, প্ৰশাসনে হেল্প লাইন নম্বৰ জাৰী কৰিছে। এই নম্বৰবোৰ 01942496240, 01942313149 ফোন কৰি আপুনি ভ্ৰমণলৈ যোৱা আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে জানিব পাৰে।

বিজ্ঞাপন

ইয়াৰ উপৰিও, শ্ৰী অমৰনাথ যাত্ৰা 2022 লৈ যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে টোল ফ্ৰী নম্বৰ জাৰী কৰা হৈছে। 18001807198 (জম্মু), 18001807199 (শ্ৰীনগৰ)। দিল্লীস্থিত এনডিআৰএফ নম্বৰ 011-23438252 011-23438253, কাশ্মীৰ বিভাগীয় হেল্পলাইন 0194-2496240, শ্ৰাইন বোৰ্ড হেল্পলাইন নম্বৰ 0194-2313149

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন