মুখ্যপৃষ্ঠা »খবৰ »দেশ »প্ৰত্যাহ্বানক নেওচি অটুট আছে দেশৰ অৰ্থনীতিৰ সামৰ্থ: সৰ্বানন্দ সোণোৱাল

প্ৰত্যাহ্বানক নেওচি অটুট আছে দেশৰ অৰ্থনীতিৰ সামৰ্থ: সৰ্বানন্দ সোণোৱাল

ভাৰতে ২০২২-২৩ বিত্তীয় বৰ্ষত সর্বাধিক ৮৪.৮ বিলিয়ন ডলাৰৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (এফডিআই) প্রবাহ লাভ কৰিছে: সোণোৱাল

ভাৰতে ২০২২-২৩ বিত্তীয় বৰ্ষত সর্বাধিক ৮৪.৮ বিলিয়ন ডলাৰৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (এফডিআই) প্রবাহ লাভ কৰিছে: সোণোৱাল

ভাৰতে ২০২২-২৩ বিত্তীয় বৰ্ষত সর্বাধিক ৮৪.৮ বিলিয়ন ডলাৰৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (এফডিআই) প্রবাহ লাভ কৰিছে: সোণোৱাল

  • Share this:
"ভাৰতৰ উৎপাদন ক্ষমতা আৰু ৰপ্তানি বৃদ্ধিৰ বাবে ১৪টা খণ্ডত ১.৯৭ লাখ কোটি টকা ব্যয়ৰে পি এল আই আঁচনি ৰূপায়ণ কৰি থকা হৈছে ৷" সৰ্বানন্দ সোণোৱাল

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনমত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ সামৰণি অধিৱেশনত ভাষণ প্রদান কৰে আৰু উৎপাদনমুখী বিকাশত সহায়ৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰস্তুত কৰা অভিনৱ আঁচনিসমূহৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। "বিশ্বব্যাপী অর্থনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি হোৱা স্বত্বেও ভাৰতীয় অর্থনীতিৰ শক্তিশালী সামর্থ্য অটুট আছে। শেহতীয়া অর্থনৈতিক সমীক্ষা অনুসৰি, ভাৰতে ২০২২-২৩ বিত্তীয় বৰ্ষত সর্বাধিক ৮৪.৮ বিলিয়ন ডলাৰৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (এফডিআই) প্রবাহ লাভ কৰিছে। ভাৰতে বিনিয়োগৰ সীমা বৃদ্ধি কৰি, বিভিন্ন নীতিগত বাধা আঁতৰ কৰি, আন্তঃগাঁথনি বিকাশ কৰি আৰু ব্যৱসায়িক পৰিৱেশ উন্নত কৰি বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে ইয়াৰ বিভিন্ন খণ্ড মুকলি কৰি দিছে। ফ্লেগশ্বিপ্‌ সাগৰমালা পদক্ষেপৰ অধীনত অন্ধ্র প্ৰদেশত কাৰ্যকৰীকৰণৰ বাবে মুঠ ১.১ লাখ কোটি টকাৰ ১১০টাৰো অধিক প্রকল্প চিনাক্ত কৰা হৈছে। যাৰ ভিতৰত মুঠ ৩২,০০০ কোটি টকা মূল্যৰ ৩৫টা প্রকল্প ইতিমধ্যে সম্পূর্ণ হৈছে।"- সোণোৱালে ভাষণ প্ৰসংগত কয়

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে লগতে কয়, "মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজাদী কা অমৃত কালত আধুনিক আন্তঃগাঁথনি সৃষ্টিৰ জৰিয়তে ভাৰতক উন্নয়নৰ পথত দ্ৰুতগতিত আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিভংগী হৈছে যোগান শৃংখলা বৃদ্ধি আৰু লজিষ্টিক ব্যয় হ্রাস কৰাৰ বাবে আমাৰ বন্দৰ, ৰে'লৱে আৰু ঘাইপথৰ বিকাশৰদ্বাৰা দেশৰ সামগ্রিক বিকাশ নিশ্চিত কৰা। প্রধানমন্ত্রী গতি শক্তি পৰিকল্পনাই কেৱল আন্তঃগাঁথনিমূলক উন্নয়নৰ গতি ত্বৰান্বিত কৰাই নহয়, প্রকল্পসমূহৰ ব্যয় হ্ৰাস কৰিছে। মাল্টি ম'ডেল পৰিবহণ ব্যৱস্থা হৈছে প্ৰতিখন চহৰৰ ভৱিষ্যত। অন্ধ্ৰ প্ৰদেশ আৰু ভাৰতৰ উপকূলীয় অঞ্চলসমূহে এক নতুন গতিৰে উন্নয়নৰ এই দৌৰত আগবাঢ়িব বুলি মোৰ দৃঢ় বিশ্বাস।"

অধিৱেশনখনত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী, কেন্দ্রীয় পর্যটন- সংস্কৃতি আৰু ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ লগতে দেশৰ বাণিজ্য আৰু উদ্যোগ খণ্ডৰ অন্যান্য নেতৃবৰ্গই অংশগ্ৰহণ কৰে l

শেহতীয়া বাতৰি