সন্তুৰ এসময়ত জম্মু আৰু কাশ্মীৰৰ এক অজ্ঞাত সঁজুলি আছিল
সন্তুৰ এসময়ত জম্মু আৰু কাশ্মীৰৰ এক অজ্ঞাত সঁজুলি আছিল
ভাৰতৰ প্ৰখ্যাত সন্তুৰবাদক তথা সংগীতজ্ঞ পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ আজি মুম্বাইত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। তেওঁ যোৱা ছয় মাহ ধৰি বৃক্ক সম্পৰ্কীয় ৰোগৰ সৈতে যুঁজি আছিল আৰু ডায়েলাইচিছত চিকিৎসাধীন হৈ আছিল।
অৱশ্যে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। পণ্ডিত শিৱ কুমাৰ শৰ্মাই ভাৰতীয় সংগীতৰ লগতে চলচ্চিত্ৰ উদ্যোগলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
শিৱ কুমাৰ শৰ্মাই সন্তুৰক শাস্ত্ৰীয় মৰ্যাদাৰ শাৰীলৈ আনিছিল আৰু ইয়াক অন্যান্য পৰম্পৰাগত আৰু বিখ্যাত বাদ্যযন্ত্ৰ যেনে চিতাৰ আৰু সৰোদৰ দৰে খ্যাতি দিছিল। উল্লেখ্য, সন্তুৰ এসময়ত জম্মু আৰু কাশ্মীৰৰ এক অজ্ঞাত সঁজুলি আছিল।
পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ (Santoorvadak Shiv Kumar Sharma) জন্ম ১৯৩৮ চনৰ ১৩ জানুৱাৰীত জম্মুত হৈছিল। হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত সন্তুৰক স্বীকৃতি দিয়াৰ কৃতিত্ব তেওঁক দিয়া হয়। ইয়াক বিভিন্ন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত শিৱ কুমাৰ শৰ্মা মূল ভূমিকা গ্ৰহণ কৰিছিল। তেওঁক ১৯৮৬ চনত সন্মানীয় সংগীত নাটক একাডেমী বঁটা আৰু ১৯৯১ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। তেওঁক ২০০১ চনত পদ্ম বিভূষণ বঁটাও প্ৰদান কৰা হৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ মৃত্যুত (Shiv Kumar Sharma Death) শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি কয়, "পণ্ডিত শিৱ কুমাৰ শৰ্মাজীৰ মৃত্যুৱে আমাৰ সাংস্কৃতিক জগতৰ ক্ষতি কৰিছে। তেওঁ সন্তুৰক বিশ্বব্যাপী জনপ্ৰিয় কৰিছিল। তেওঁৰ সংগীতে আহিবলগীয়া প্ৰজন্মবোৰক মন্ত্ৰমুগ্ধ কৰি ৰাখিব। মোৰ তেওঁলোকৰ সৈতে হোৱা কথোপকথন ভালদৰে মনত আছে। তেওঁৰ পৰিয়াল আৰু প্ৰিয়জনৰ প্ৰতি সমবেদনা। ওম শান্তি।"
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|