ঘটনাটোত দুজন আৰক্ষী - এজন উপ-পৰিদৰ্শক আৰু এজন কনিষ্টবল আহত হৈছে। দুয়োজনে বন্দুকৰ গুলীৰ আঘাতপ্ৰাপ্ত হৈছিল নে নাই সেয়া চিকিৎসালয়ে প্ৰতিবেদন দিয়াৰ পিছতহে প্ৰমাণ হ'ব। এক সূত্ৰই News18ক এই কথা জনায়। এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
"পৰিস্থিতি নিয়ন্ত্ৰণত আছে। আমি শান্তি সমিতিৰ সৈতে আলোচনা কৰি এক শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছো আৰু শান্তি বজাই ৰাখিবলৈ সকলোকে অনুৰোধ জনাইছো।" এইদৰে কয় দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত, আইন আৰু শৃংখলা, দীপেন্দ্ৰ পাঠকে।