লাডাখ সীমান্তত ভাৰত আৰু চীনৰ মাজত সংঘাত বাঢ়ি গৈ আছে। সোমবাৰে এই সংঘাতে তীব্ৰ ৰূপ লয়।
লাডাখ সীমান্তত ভাৰত আৰু চীনৰ মাজত সংঘাত বাঢ়ি গৈ আছে। সোমবাৰে এই সংঘাতে তীব্ৰ ৰূপ লয়।
লাডাখত ভাৰত আৰু চীনৰ মাজত সংঘাতে সোমবাৰে তীব্ৰ ৰূপ ধাৰণ কৰে। চীনা সৈন্যৰ আক্ৰমণত এজন ভাৰতীয় বিষয়া আৰু দুজন জোৱান ছহীদ হয়। সেনাৰ তৰফৰ পৰা আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা মতে, ‘গেলৱান ঘাটিত ডি এছকেলেশ্যন প্ৰক্ৰিয়াৰ মাজতে দুয়োপক্ষৰ সেনা সমুখীন হয়। য’ত আমাৰ এজন বিষয়া আৰু দুই সেনা জোৱান ছহীদ হৈছে। দুয়োপক্ষৰ জ্যেষ্ঠ সেনা বিষয়াই উত্তেজনা হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে।’
উল্লেখ্য যে, বিগত মাহত আৰম্ভ হোৱা কুচকাৱাজৰ পিছতে ভাৰতীয় সেনাই সিদ্ধান্ত লৈছিল যে, সেনাই পেংগং চ’, গলৱান ঘাটী, ডেমচক তথা দৌলত বেগ অল্ডিৰ সকলো বিবদমান ক্ষেত্ৰত চীনা সৈনিকৰ আক্ৰামক স্থিতিৰ কঠোৰ ভাষাৰে উত্তৰ দিব।
চীনা সৈন্যই ইতিমধ্যে এলএচিৰ ওচৰত ৰণভাণ্ডাৰ মজবুত কৰিবলৈ ধৰিছে। তেওঁলোকে সেই ঠাইত বৰটোপ তথা অন্যান্য সৈনিকৰ আহিলা মজুত কৰিবলৈ আৰম্ভ কৰিছে। পেংগং ছ’ৰ ফিংগৰ ক্ষেত্ৰ ভাৰতীয় সেনাৰ টহলৰ কাৰণে গুৰুত্বপূৰ্ণ।
যোৱা সময়তো চীনে নিজৰ আগ্ৰাসী স্থিতিৰে ভাৰতীয় ক্ষেত্ৰত দখল কৰিবলৈ অপচেষ্টা অব্যাহত ৰাখিছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|