মুখ্যপৃষ্ঠা »খবৰ »দেশ »বিজেপি বিধায়কৰ গুণ্ডাগিৰি, ৰাজপথতে ক্ৰিকেট বেটেৰে পিটিলে পৌৰ নিগমৰ কৰ্মচাৰীক

বিজেপি বিধায়কৰ গুণ্ডাগিৰি, ৰাজপথতে ক্ৰিকেট বেটেৰে পিটিলে পৌৰ নিগমৰ কৰ্মচাৰীক

উচ্ছেদ চলাবলৈ যোৱা পৌৰ নিগমৰ কৰ্মচাৰীক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰিলে বিধায়কজনে।

উচ্ছেদ চলাবলৈ যোৱা পৌৰ নিগমৰ কৰ্মচাৰীক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰিলে বিধায়কজনে।

উচ্ছেদ চলাবলৈ যোৱা পৌৰ নিগমৰ কৰ্মচাৰীক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰিলে বিধায়কজনে।

  • Share this:
    বিজেপিৰ ৰাষ্ট্ৰীয় নেতা কৈলাস বিজয়বৰ্গীৰ পুত্ৰ তথা মধ্য প্ৰদেশৰ ইন্দোৰৰ বিধায়ক আকাশ বিজয়বৰ্গীয়ৰ গুণ্ডাগিৰি। উচ্ছেদ চলাবলৈ যোৱা পৌৰ নিগমৰ কৰ্মচাৰীক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰিলে বিধায়কজনে। গঞ্জী কম্পাউণ্ড অঞ্চলত পৌৰ নিগমে উচ্ছেদ চলোৱাৰ বিৰোধিতা কৰিছিল একাংশ লোকে। সেই সময়তে দলীয় সমৰ্থকৰ সৈতে আকাশ বিজয়বৰ্গীয় সেই স্থানত উপস্থিত হয় আৰু এই কাৰ্যৰ বিৰোধিতা কৰে।

    তেওঁ পৌৰ নিগমৰ কৰ্মীসকলক উচ্ছেদ নচলাবলৈ নিৰ্দেশ দিয়ে। বিধায়কজনৰ লগতে তেওঁৰ সমৰ্থকসকলেও সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। তেওঁলোকে পৌৰ নিগমৰ এক্সকেভেটৰৰ ছাবি কাঢ়ি লয়। এই ঘটনাক লৈ পৌৰ নিগমৰ বিষয়া আৰু বিধায়কজনৰ মাজত সৃষ্টি হয় তৰ্কাতৰ্কি। তাৰ পিছতে বিধায়কজনে হাতত এখন ক্ৰিকেট বেট লৈ পৌৰ নিগমৰ কৰ্মচাৰীক প্ৰহাৰ কৰে।

    শেহতীয়া বাতৰি