মুখ্যপৃষ্ঠা »খবৰ »দেশ »পুনৰ সংঘৰ্ষ ভাৰত–চীন সেনাৰ, গালৱানৰ পিছত এইবাৰ অৰুণাচল সীমান্ত

পুনৰ সংঘৰ্ষ ভাৰত–চীন সেনাৰ, গালৱানৰ পিছত এইবাৰ অৰুণাচল সীমান্ত

File Photo - PTI

File Photo - PTI

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত দুই দেশৰ সেনাৰ মাজত বিবাদ হয়। নিৰ্দিষ্ট এক অঞ্চলক দুয়ো দেশৰ সেনাই নিজৰ বুলি দাবী কৰে।

  • Share this:
গালৱানৰ পিছত আৰুণাচল সীমান্ত। মাজত ব্যৱধান ২ বছৰ। পুনৰ সংঘৰ্ষ ভাৰত আৰু চীনৰ সেনাৰ মাজত। ডিচেম্বৰৰ ৯ তাৰিখে অৰ্থাৎ শুকুৰবাৰে নিশা দুয়োখন দেশৰ সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘৰ্ষত লিপ্ত হয়। দুয়ো পক্ষৰ কেইবাজনো আহত হোৱাৰ খবৰ পোৱা হৈছে। বিশেষ সূত্ৰে জানিব পৰা গৈছে এই খবৰ।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত দুই দেশৰ সেনাৰ মাজত বিবাদ হয়। নিৰ্দিষ্ট এক অঞ্চলক দুয়ো দেশৰ সেনাই নিজৰ বুলি দাবী কৰে। ৯ ডিচেম্বৰত পুনৰ চীনা সেনাই সেই অঞ্চলত বলপূৰ্বক প্ৰৱেশ কৰাৰ চেষ্টা চলায়। সেই সময়ত তেওঁলোকক বাধা দিয়ে ভাৰতীয় সেনাই। ফলত দুয়োপক্ষৰ কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে।

এতিয়ালৈ বৈদেশিক মন্ত্ৰণালয়ৰ ফালৰ পৰা স্পষ্টভাৱে এই সন্দৰ্ভত একো জনোৱা নাই। উল্লেখযোগ্য যে ২০২০ চনত গালৱানৰ ভাৰত আৰু চীন সীমান্তত দুয়ো দেশৰ সেনাৰ মাজত হৈছিল সংঘাত। ভাৰতৰ ২০জন বিষয়া–জোৱান শ্বহীদ হৈছিল। আনহাতে, চীনৰ ফালৰ পৰা এতিয়ালৈ বিষয়াসহ চাৰিজনৰ মৃত্যু হোৱাৰ কথা স্বীকাৰ কৰা হৈছে।

গালৱানৰ সেই ঘটনাৰ পিছত সীমান্ত অঞ্চলত দুয়ো পক্ষৰ সেনাৰ মাজত উত্তেজনাৰ শাম কাটিবলৈ দুয়ো দেশৰ সেনাৰ উচ্চপদস্থ বিষয়াৰ বৈঠক হৈছে। কিন্তু পুনৰ সংঘৰ্ষত লিপ্ত হ’ল দুয়ো দেশৰ সেনা।

শুকুৰবাৰৰ ঘটনাক লৈ এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো বিবৃতি জাৰি কৰা হোৱা নাই। আনহাতে, চীনৰ ফালৰ পৰাও বিষয়টোক লৈ কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

শেহতীয়া বাতৰি