অযোধ্যা ভূমি বিবাদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অযোধ্যা গোচৰৰ শুনানি ১৮ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হোৱাটো উচিত। ইয়াৰ বাবে এটা দিনো অতিৰিক্তভাৱে দিয়া নহ’ব। যদি শুনানি ১৮ অক্টোবৰলৈ সম্পূৰ্ণ নহয়, তেন্তে সিদ্ধান্ত দিয়াৰ সুযোগ নাথাকিব।
উচ্চতম ন্যায়ালয়ত বৃহস্পতিবাৰে অযোধ্যা বিবাদক লৈ শুনানিৰ ৩২সংখ্যক দিন। বৃহস্পতিবাৰে গোচৰৰ শুনানি আৰম্ভ হোৱাৰ লগে লগে মুখ্য ন্যায়াধীশ গগৈয়ে এই সন্দৰ্ভত নিজৰ মন্তব্য ৰাখে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আকৌ এবাৰ এই কথা উল্লেখ কৰে যে এই গোচৰৰ শুনানি ১৮
অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হোৱা উচিত। যদি আমি চাৰি সপ্তাহৰ ভিতৰত সিদ্ধান্ত দিব পাৰো তেন্তে এয়া হ’ব একধৰণৰ চমৎকাৰ।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় – যদি শুনানি ১৮ অক্টোবৰলৈ সমাপ্ত নহয়, তেন্তে সিদ্ধান্ত প্ৰদানৰ সুযোগ নাথাকিব। গগৈয়ে কয় যে আজিৰ দিনটো ধৰি আমাৰ হাতত শুনানিৰ বাবে মাত্ৰ ১০ দিন বাকী আছে।
উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। অৱসৰৰ পূৰ্বে অযোধ্যা বিবাদ সন্দৰ্ভত এক ঐতিহাসিক সিদ্ধান্ত ন্যায়ালয়ে গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube, Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|