
আজি আনুষ্ঠানিক ভাবে অৱসৰ গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে
আজি আনুষ্ঠানিক ভাবে অৱসৰ গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে
আজি আনুষ্ঠানিক ভাবে অৱসৰ গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ঐতিহাসিক অযোধ্যা ভুমি বিবাদৰ ৰায় দান কৰাৰ পিছৰ পৰাই বিশেষ চৰ্চাত আছে ন্যায়াধীশ গগৈ। অৱসৰৰ প্ৰাক মুহূৰ্তত দেওবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে পত্নীৰ সৈতে তিৰুপতিৰ প্ৰভু ভেংকটেশ্বৰ মন্দিৰত পূজা আগবঢ়ায়। মুখ্য ন্যায়াধীশগৰাকীৰ এই মন্দিৰ দৰ্শনৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে অন্ধ্ৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ পি ঠাকুৰ, জিলা উপায়ুক্ত প্ৰদ্যুন্ম, জিলা দণ্ডাধীশ জুনেইড আহমেদ মৌলানাৰ লগতে বালাজীৰ অভ্যৰ্থনা শাখাৰ বিষয়াসকল।
ইয়াৰ পূৰ্বে অৱসৰৰ প্ৰাক মুহূৰ্তত CJI গগৈয়ে প্ৰকাশ কৰিছিল লিখত বিবৃতি। সংবাদ প্ৰতিষ্ঠান সমূহৰ সাক্ষাৎকাৰৰ অনুৰোধ সন্দৰ্ভত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰকাশ কৰিছিল লিখিত বিবৃতি। অৱসৰৰ মুহূৰ্তত সংবাদ মাধ্যমৰে কথা নাপাতে মুখ্য ন্যায়াধীশগৰাকীয়ে । বিবৃতিত উল্লেখ কৰে যে, ‘ন্যায়ধীশ সকলে নিজৰ স্বতন্ত্ৰতা বৰ্তাই ৰাখিবলৈ মৌনতা অৱলম্বন কৰিব লাগে।কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে একোৱেই নকব। কিন্তু ন্যায়ধীশ সকলে তেওঁলোকৰ কামৰে জড়িত হৈ থকা বিষয় সমূহত মন্তব্যৰ পৰা বিৰত থাকিব লাগে সততা সদায় মনত থাকিব লাগে।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|