শীঘ্ৰে হ'ব অযোধ্যা ভূমি বিবাদৰ ৰায়। ১৭ নৱেম্বৰৰ পূৰ্বে অযোধ্যা ভূমি বিবাদৰ ৰায়ৰ সম্ভাৱনা। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ শীৰ্ষ বিষয়াৰে বৈঠকত বহিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰু DGPক তলব কৰিছে মুখ্য ন্যায়াধীশগৰাকীয়ে।
ৰায়দানৰ পূৰ্বে উত্তৰ প্ৰদেশৰ নিৰাপত্তাৰ বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ আমোলা–বিষয়া দুগৰাকীৰ সৈতে বৈঠকত বহিব ৰঞ্জন গগৈ। ইফালে আযোধ্যা ৰায়ৰ বাবে সাজু হৈ উঠিছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰ। নিৰাপত্তৰক্ষী ৰাখিবলৈ ৩০০খন বিদ্যালয় অধিগ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ উপৰিও ২০খন অস্থায়ী জে'ল নিৰ্মাণ কৰিছে আদিত্যনাথ চৰকাৰে।
অযোধ্যাৰ ৰায়ক লৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰো। প্ৰতিখন ৰাজ্যলৈ হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ। গোৱাত ১৪৪ ধাৰা জাৰি।
উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান জনাবলৈ জমিয়ত উলেমাৰ আহ্বান। ৰায় মুছলমানৰ পক্ষত গ'লেও আতচবাজী নুফুটাবলৈ আহ্বান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|