অৱসৰৰ পিছত ৰঞ্জন গগৈৰ হয়তো স্থায়ী ঠিকনা হ’ব গীতানগৰৰ হাউচ নং ১২
অৱসৰৰ পিছত ৰঞ্জন গগৈৰ হয়তো স্থায়ী ঠিকনা হ’ব গীতানগৰৰ হাউচ নং ১২
১৭ নবেম্বৰত অৱসৰ লব উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। অৱসৰৰ পিছত ৰঞ্জন গগৈৰ হয়তো স্থায়ী ঠিকনা হ’ব গীতানগৰৰ হাউচ নং ১২। অযোধ্যাৰ ভূমি বিবাদৰ পিছত এতিয়া মুখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো নিৰাপত্তাক্ষীৰ অভেদ্য দুৰ্গৰ মাজত থাকিব লাগিব ৰঞ্জন গগৈ।
বৰ্তমান Z+ পৰ্যায়লৈ উন্নিত কৰা হৈছে মূখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তা ব্যৱস্থা।সেইদৰে ৰিং ৰাউণ্ড পদ্ধতিত থাকিব মুখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তাৰক্ষী। অসামৰিক পোছাকোত ৫ জন নিৰাপত্তাৰক্ষীয়ে ঘেৰি থাকিব সমগ্ৰ ঘৰটো। Escort আৰু Pilot থাকিব ৮ জন। ৰঞ্জন গগাৰ হাউছ গাৰ্ড থাকিব হিচাপে থাকিব ৫ জন।
লগতে নিৰাপত্তাৰ দায়িত্বত থাকিব পাৰে NSG, CRPF, অথবা CIFজোৱান। NSG ৰ হ’লে ২০জন, CRPF-CIF হ'লে ২৫-৩০জন নিৰাপত্তাৰক্ষী থাকিব ৰঞ্জন গগৈৰ লগত। উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সিদ্ধান্ত ল'ব কেনে হ’ব মূখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তা ব্যৱস্থা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|