প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বৰ্তমানৰ নহয়; বৰঞ্চ ভৱিষ্যতৰ দস্তাবেজ বুলি মন্তব্য কৰে ৰঞ্জন গগৈয়ে। NRC ক অসমৰ বিদেশী সমস্যাৰ আইনী সমাধান বুলিও অভিহিত কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। লগতে NRC ৰ বিৰুদ্ধে বিভিন্ন জনে সংবাদ মাধ্যম আৰু Social Media ত কৰা মন্তব্যক লৈও সৰৱ হয় গগৈ।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে লগতে কয় যে, ‘নাগৰিক পঞ্জীৰ সুদুৰ প্ৰসাৰী প্ৰভাৱ থাকিব। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ওলোৱাৰ আগলৈকে অসমত অবৈধ বিদেশীৰ সংখ্যাটোক আছিলে মাথো কল্পনা প্ৰসূত। ১৯ লাখ বা ৪০ লাখ ডাঙৰ কথা নহয়।’
দিল্লীত জেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ গ্ৰন্থ উন্মোচন সভাত উপস্থিত থাকি এনেদৰে NRC ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰঞ্জন গগৈয়ে। ৰঞ্জন গগৈয়ে অসমত ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱা বিদেশী সমস্যাৰ বিষয়টোতো গভীৰ উদ্বেগ প্ৰকাশ কৰে। লগতে গগৈয়ে কয় যে, অসমৰ অবৈধ বিদেশীৰ সমস্যাই যথেষ্ট আঘাত দিছে । অসমীয়াই আৰু আঘাত লোৱাৰ অৱকাশ নাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 03, 2019, 15:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|