পাৰ্থজ্যোতি বৰা : দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বাকী আছে আৰু ১০ দিনৰ কাৰ্যকাল। ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশগৰাকীয়ে। অৱসৰৰ বাবে দিন হিচাপত ১৯ দিন আছে যদিও কৰ্মদিন আছে মাথোঁ ১০টা। এই ১০ দিনতে ৰঞ্জন গগৈয়ে দিব পাৰে ৫টা এনে গোচৰৰ ৰায়, যিয়ে সলনি কৰিব পাৰে দেশৰ ভৱিষ্যৎ। তাৰ ভিতৰত অন্যতম ৰায় হৈছে অযোধ্যা ভূমি বিবাদৰ শুনানিৰ ৰায়দান। যি ৰায়দানৰ কাৰণে সমগ্ৰ দেশ বৰ্তমান অপেক্ষাৰত। ন্যায়াধীশ গগৈৰে গঠিত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে ৪০ দিন দৈনিক গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল।
ন্যায়াধীশ গগৈয়ে দিবলগীয়া আনটো ৰায় হৈছে সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশ নিষেধ প্ৰত্যাহাৰ কৰা ৰায়ৰ পুনৰীক্ষণ আবেদন। এইকেইদিনৰ ভিতৰত গগৈয়ে দিব পাৰে এই গোচৰৰ ৰায়।
ৰাফেল সম্বন্ধীয় এক পুনৰীক্ষণ আবেদনৰ গোচৰৰো শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
আনহাতে, ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হোৱা মানহানিৰ গোচৰৰ ৰায়ো অৱসৰৰ আগতে প্ৰদান কৰিব পাৰে ন্যায়াধীশ গগৈয়ে। বিত্ত আইন ২০১৭ৰ বৈধতাক প্ৰত্যাহ্বান জনাই ৰুজু হোৱা গোচৰৰ ৰায়ো দিব পাৰে মুখ্য ন্যায়াধীশ গগৈয়ে।
কিন্তু ৰঞ্জন গগৈৰ কাৰ্যকালত ভিত্তিবৰ্ষৰ গোচৰৰ শুনানি নোহোৱাৰ সম্ভাৱনাই অধিক। অসম চুক্তিৰ অধীনৰ ১৯৭১ চনৰ ভিত্তিবর্ষক প্ৰত্যাহ্বান জনাই সন্মিলিত মহাসংঘৰ মতিউৰ ৰহমানে সৰ্বোচ্চ ন্যায়ালয়ত তৰা গোচৰ সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু ন্যায়াধীশ গগৈৰ কাৰ্যকালত গঠন হোৱা নাই সেই বিচাৰপীঠ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|