
উচ্চতম ন্যায়ালয়ৰ চৌপাশে ১৪৪ ধাৰা বলবৎ কৰা হৈছে
উচ্চতম ন্যায়ালয়ৰ চৌপাশে ১৪৪ ধাৰা বলবৎ কৰা হৈছে
উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। আৰু কিছু সময়ৰ পিছতে আৰম্ভ হ’ব ঐতিহাসিক ৰায়দান প্ৰক্ৰিয়া। সমগ্ৰ দেশতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। মুখ্য ন্যায়াধীশ গগৈৰ লগতে উপস্থিত হৈছে কেউজন ন্যায়াধীশ। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।
অযোধ্যাৰ সকলো ধৰমশালা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ চৌপাশে ১৪৪ ধাৰা বলবৎ কৰা হৈছে। নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তা Z+ কেটেগ’ৰী লৈ উত্তৰণ ঘটোৱা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|