এইবাৰ এক অন্য ৰূপত দেখা পোৱা গ’ল দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েক। মটৰ চাইকেল চলাই ভাল পোৱা দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে এবাৰ চলাই চালে এখন আটক ধুনীয়া Harley Davidson বাইক। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত এখন ফটোত দেখা পোৱা গৈছে ‘Limited Edition CVO 2020’ৰ ওপৰত ন্যায়াধীশ ববড়েক। বাইক মুখ্য ন্যায়াধীশ গৰাকীৰ বৰ প্ৰিয়। এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰি তেওঁ কৈছিল ডেকা কালত বুলেট চলোৱাৰ কথা।
কিন্তু মুখ্য ন্যায়াধীশগৰাকীয়ে ক’ত পালে এই ৫৬ লাখ টকাৰ বাইক খন? বাইকখন আচলতে তেওঁৰ নহয়। News18 Hindiত প্ৰকাশ পোৱা মতে, নাগপুৰৰ নিজা বাসগৃহৰ পৰা মৰ্ণিং ৱাকত ওলাই গৈছিল মুখ্য ন্যায়াধীশ ববড়ে। তেতিয়াই তেওঁৰ বাইকখনলৈ চকু গ’ল আৰু বাইকৰ মালিকৰ উপস্থিতিত এপাক চলাই চালে। Covid-19 মহামাৰীৰ কাৰণে তেওঁ ভালেকেইদিন ধৰি গৃহ চহৰ নাগপুৰতে আছে আৰু তাৰ পৰাই Video Conferencingৰ যোগেদি শুনানি গ্ৰহণ কৰি আছে।
আনহাতে, টুইটাৰত বাইকখন এজন বিজেপিৰ নেতাৰ পুত্ৰৰ বুলি বহুল চর্চা হৈছে। কিন্তু একাংশই মুখ্য ন্যায়াধীশগৰাকী বাইকৰ মালিকৰ বিষয়ে একেবাৰে অৱগত নহয় বুুুলিও মন্তব্য কৰিছে; তেওঁ মাথোঁ বাইকখন এবাৰ চলাই চাব বিচাৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|