মুখ্যপৃষ্ঠা »খবৰ »দেশ »বৈধ যৌন সম্বন্ধৰ কাৰণে সহমতৰ সৰ্বনিম্ন ১৮বছৰ বয়সৰ নিয়ম পুনৰীক্ষণৰ পোষকতা CJIৰ

বৈধ যৌন সম্বন্ধৰ কাৰণে সহমতৰ সৰ্বনিম্ন ১৮বছৰ বয়সৰ নিয়ম পুনৰীক্ষণৰ পোষকতা CJIৰ

প্ৰেমৰ সম্পর্কৰে বান্ধ খাই থকা ১৮ বছৰৰ ঠিক তলৰ কিশোৰ-কিশোৰী শাৰীৰিক সম্বন্ধত লিপ্ত হ’লে অপৰাধ বুলি গণ্য কৰাৰ বিষয়টো পুনৰ বিবেচনাৰ পোষকতা মুখ্য ন্যায়াধীশৰ 

প্ৰেমৰ সম্পর্কৰে বান্ধ খাই থকা ১৮ বছৰৰ ঠিক তলৰ কিশোৰ-কিশোৰী শাৰীৰিক সম্বন্ধত লিপ্ত হ’লে অপৰাধ বুলি গণ্য কৰাৰ বিষয়টো পুনৰ বিবেচনাৰ পোষকতা মুখ্য ন্যায়াধীশৰ 

প্ৰেমৰ সম্পর্কৰে বান্ধ খাই থকা ১৮ বছৰৰ ঠিক তলৰ কিশোৰ-কিশোৰী শাৰীৰিক সম্বন্ধত লিপ্ত হ’লে অপৰাধ বুলি গণ্য কৰাৰ বিষয়টো পুনৰ বিবেচনাৰ পোষকতা মুখ্য ন্যায়াধীশৰ 

  • Share this:
যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা প্ৰদান আইন (Protection of Children from Sexual Offences) 2012য়ে ১৮ বছৰৰ তলৰ সকলে কৰা সকলোধৰণৰ যৌন কাৰ্য/আচৰণক অপৰাধ হিচাপে গণ্য কৰাৰ নিয়মত চিন্তা প্ৰকাশ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ে। শিশু সুৰক্ষা আইনখনে এটা দশক সম্পূৰ্ণ কৰা উপলক্ষে দেশৰ মুখ্য ন্যায়াধীশে সংসদক আইনখন পুনৰীক্ষণ কৰিবলৈ অনুৰোধ জনায় । ভাষণ প্ৰসংগত ন্যায়াধীশ চন্দ্ৰচূড়ে কয় – “মই শুনানি গ্ৰহণ কৰা বহু এনেধৰণৰ গোচৰত বয়সৰ ধাৰাটোৱেই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ।’’

দেশৰ মুখ্য ন্যায়াধীশে নতুন দিল্লীত উচ্চতম ন্যায়ালয়ৰ নাবালক ন্যায় কমিটীয়ে ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শিশু জৰুৰীকালীন পুঁজি (United Nations International Children Emergency Fund)  চমুকৈ ইউনিচেফ (UNICEF)ৰ সহযোগত অনুষ্ঠিত কৰা পকচো আইন (POCSO Act) সন্দৰ্ভৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে । এই আলোচনা চক্ৰখনত প্ৰেমৰ সম্পৰ্ক থকা নাবালকৰ অধিকাৰ আৰু শাৰীৰিক সম্বন্ধৰ সহমতৰ বিষয়ে বিশদ আলোচনা কৰা হয় ।

শিশু সুৰক্ষাৰ দিশত POCSO আইন এক যুগান্তকাৰী পদক্ষেপ বুলি আখ্যা দি ন্যায়াধীশ গৰাকীয়ে কয় – লেহেমীয়া ন্যায় প্ৰদান প্ৰক্রিয়াই ভুক্তভোগী পৰিয়ালক অভিযোগ দিয়াৰ পৰা বিৰত ৰাখে । এনে ঘটনাই পৰিয়ালৰ সন্মানত চেকা বুলি গণ্য কৰাৰ প্ৰৱণতাও আতঁৰিব লাগিব বুলি মন্তব্য কৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুৰব্বী গৰাকীয়ে । তেওঁ কয় - অভিভাবকে জনা মাত্ৰকে এনে ঘটনাৰ অভিযোগ দিবলৈ আগবাঢ়ি আহিব লাগে ।

শিশুসকলক সুৰক্ষিত স্পৰ্শ আৰু অসুৰক্ষিত স্পৰ্শৰ মাজত পাৰ্থক্য বিষয়ে শিকোৱাৰো পোষকতা কৰে মুখ্য ন্যায়াধীশ গৰাকীয়ে । আনহাতে কেৱল কন্যা শিশুয়েই এনে নিৰ্যাতনৰ বলি হয় এই ধাৰণা পৰিত্যাগ কৰিবলৈ আহ্বান জনায় ন্যায়াধীশ চন্দ্ৰচূড়ে কাৰণ বালক সকলো সমানেই নিৰ্যাতন বলি হয় । লগতে বহু সময়ত এন ঘটনা ভুক্তভোগীৰ পৰিচিত লোকে কৰাৰ ঘটনাত চিন্তা প্ৰকাশ কৰে মুখ্য নয় গৰাকীয়ে । এনে ঘটনা গাপ দিলে ভুক্তভোগী গৰাকীৰ মনত সুদূৰপ্ৰসাৰী নেতিবাচক প্ৰভাৱ পৰিব বুলিও মন্তব্য ন্যায়াধীশ গৰাকীৰ ।

শেহতীয়া বাতৰি