চিটী ফুটবল গ্ৰুপে মুম্বাই চিটী এফচিৰ ৬৫শতাংশ অংশ ক্ৰয় কৰিলে

News18 Assam | News18-Assam
Updated:November 28, 2019, 9:30 PM IST
চিটী ফুটবল গ্ৰুপে মুম্বাই চিটী এফচিৰ ৬৫শতাংশ অংশ ক্ৰয় কৰিলে

  • Share this:
মানচেষ্টাৰ চিটী সহ বিশ্বৰ অগ্ৰণী ফুটবল ক্লাৱৰ সঞ্চালক চিটী ফুটবল গ্ৰুপে ইণ্ডিয়ান ছুপাৰ লীগ (আইএছএল) ক্লাৱ–মুম্বাই চিটী এফচিৰ ৬৫শতাংশ অংশীদাৰিত্ব লাভ কৰিবলৈ বৃহস্পতিবাৰে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। মুম্বাই চিটী এফচি, চিটী ফুটবল গ্ৰুৰ নেটৱৰ্কৰ অন্তৰ্গত বিশ্বৰ ভিতৰতে অষ্টমটো ক্লাৱ হ’ব।

এই অনুসৰি চিএফজি ক্লাৱৰ ওচৰত মুম্বাই চিটী এফচিৰ ৬৫শতাংশ অংশীদাৰিত্ব থাকিব আনহাতে বৰ্তমানৰ শ্বেয়াৰ ধাৰক অভিনেতা তথা ফিল্ম নিৰ্মাতা ৰণবীৰ কাপুৰ আৰু বিমল পাৰেখৰ ওচৰত সংযুক্তভাৱে ৩৫শতাংশ অংশীদাৰিত্ব থাকিব। ইয়াত কিছু বিনিয়োগ ফুটবল নিকায়ৰ মঞ্জুৰিৰ পিছত সম্পূৰ্ণ কৰা হ’ব।

চিএফজিৰ মুখ্য কাৰ্যকাৰী বিষয়া ফেৰান চৰিয়ান’ আৰু ফুটবল স্পৰ্টছ ডেভলপমেণ্ট লিমিটেড (এফএচডিএল) তথা ৰিলায়েন্স ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানীয়ে বৃহস্পতিবাৰে ইয়াৰ যুটীয়া ঘোষণা কৰে।




এই অংশীদাৰিত্বৰ ফলত মুম্বাই এফচিয়ে গ্ৰুপৰ কমাৰ্চিয়েল আৰু ফুটবল জ্ঞানৰ বিষয়ে জনাৰ সুযোগ লাভ কৰিব। ইয়াৰ লগতে ক্লাৱে চিএফজি গ্ল’বেল কমাৰ্চিয়েল প্লেটফ’ৰ্মলৈকে নিজৰ প্ৰসাৰ লাভ কৰিব।

চিটী ফুটবল গ্ৰুক ইংলিছ প্ৰীমিয়াৰ লীগ চেম্পিয়নছ–মানচেষ্টাৰ চিটীৰ স্বত্বাধিকাৰৰ কাৰণে জনা হয়, এই গ্ৰুৰ ওচৰত থকা অন্য ফুটবল ক্লাৱৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চিটী, অষ্ট্ৰেলিয়াৰ মেলবৰ্ন চিটী এফচি, জাপানৰ য়ক’হামা এফ মেৰিন’, উৰুগুৱেৰ ক্লাৱ এটলেটিক’ টাৰ্ক, স্পেইনৰ গিৰোনা এফচি আৰু চীনৰ চিচুৱান জিউনিউ এফচি অন্তৰ্ভুক্ত।

চিএফজিয়ে এতিয়া দেশৰ ১৩কাৰ্যালয় আৰু ৮টা ফুটবল ক্লাৱ পৰিচালনা কৰে। চিএফজিৰ প্ৰতিষ্ঠা মাৰ্চ ২০১৩ত কৰা হৈছিল। ইয়াৰ ৮টা ক্লাৱত ১৫০০ৰো অধিক ফুটবল খেলুৱৈ আছে যি প্ৰতি বছরে প্ৰায় ২৫০০ৰো অধিক খেল খেলে।

নীতা আম্বানীয়ে চিটী ফুটবল গ্ৰুপক ভাৰতীয় ফুটবল জগতত স্বাগতম জনাই কয় যে,
এয়া এক ঐতিহাসিক সুযোগ। ভাৰতীয় ফুটবলে যি উচ্চতাত আৰোহন কৰিছে এয়া তাৰে উদযাপন। এই বিষয়টোৱে ভাৰতীয় ফুটবলক লৈ আমাৰ দায়ৱদ্ধতাক প্ৰতীয়মান কৰিছে।


তেওঁ কয়,
এয়া ভাৰতীয় ফুটবলৰ বৰ্ধিত আপীল আৰু ভাৰতীয় ফুটবল প্ৰশংসকৰ অবিস্মৰণীয় সমৰ্থনৰ প্ৰমাণ। এয়া আমাৰ ফুটবল সংস্কৃতি আৰু খেল বিকশিত কৰাৰ আমাৰ প্ৰয়াসৰ এক গৰ্বিত ক্ষণ।


নীতা আম্বানীয়ে ইয়াৰ লগতে কয়,
সকলো ভাৰতীয় ফুটবল শ্বেয়াৰধাৰকৰ তৰফৰ পৰা মই চিটী ফুটবল গ্ৰুপৰ স্বাগতম কৰিছো আৰু ভাৰতীয় ফুটবলত তেওঁৰ ৰুচি আৰু বিশ্বাসৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। মই বিশ্বাস কৰিছো যে মুম্বাই চিটী এফচি আৰু ভাৰতীয় ফুটবল এই ঐতিহাসিক বুজাবুজিৰ দ্বাৰা লাভান্বিত হ’ব।


চিটী ফুটবলৰ চেয়াৰমেন খলদুন অল মুবাৰে কয় যে,
আমি বিশ্বাস কৰো যে, ইয়াত বিনিয়োগে মুম্বাই চিটী এফচি, চিটী ফুটবল গ্ৰুৰ আৰু ভাৰতীয় ফুটবলক সম্পূৰ্ণৰূপে সলনি কৰিব।


তেওঁ লগতে কয় যে,
আমি মুম্বাই চিটী এফচিৰ প্ৰশংসক আৰু স্থানীয় সমুদায়ৰ মাজত সক্ৰিয় ভূমিকা ৰূপায়ন কৰিবলৈ যথেষ্ট উৎসুক হৈ আছো। আমি নিজৰ সহ স্বত্বাধিকাৰৰ সৈতে কাম কৰি ক্লাৱক সোনকালে বিকশিত কৰাৰ চেষ্টা কৰিম।


চিএফজিয়ে চিটী ফুটবল গ্ৰুৰৰ ভাৰতৰ মুখ্য কাৰ্যকৰী বিষয়াৰ ৰূপত চিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট ডেমিয়েন বিল’বিক নিযুক্ত কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি