মুখ্যপৃষ্ঠা »খবৰ »দেশ »আজি ৰাজ্যসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

আজি ৰাজ্যসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই মঙলবাৰে কয় যে শিৱসেনাই ৰাজ্যসভাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ নিদিয়ালৈ নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন নকৰে।

  • Share this:
ৰাজ্যসভাত আজি দুপৰীয়া উত্থাপন হ’ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক। দিনৰ ২ বজাত বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে। এই বিধেয়কখনক লৈ ৭ ঘণ্টাৰো অধিক সময় চলা বিতৰ্কৰ অন্তত লোকসভাত সোমবাৰে নিশা গৃহীত হয়। লোকসভাত গৃহীত হোৱাৰ পিছত বিধেয়কখন আজি উত্থাপন কৰা হ’ব ৰাজ্যসভাত।

ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নাই বিজেপিৰ। বিজেপিৰ ৮৩, জে ডি ইউৰ ৬, আকালী দলৰ ৩, এল জে পি, আৰ পি আই এৰ এজনকৈ তথা ১১জন মনোনীত সদস্য আছে। ১১জন সদস্য থকা AIADMKৰ সৈতে আলোচনা চলাই আছে বিজেপিয়ে। বি জে ডিৰ ৭জন সাংসদ, ৱাই এছ আৰ, কংগ্ৰেছৰ দুজন তথা টি ডি পিৰ দুজন সদস্য আছে ৰাজ্যসভাত। বিজেপিয়ে এই দলসমূহৰ সমৰ্থন আশা কৰিছে। বিজেপিৰ বিশ্বাস এই দলসমূহৰ সমৰ্থনৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে প্ৰয়োজনীয় ১২০ সদস্যৰ সংখ্যা অতিক্ৰম কৰিব।

বিৰোধী পক্ষত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বি এছ পি, সমাজবাদী পাৰ্টী, ডি এম কে, আৰ জে ডি, বাওঁ দল, এন চি পি, আৰু টি আৰ এছৰ ক্ৰমে ৪৬, ১৩, ৪, ৯, ৫, ৪, ৬, ৪ আৰু ৬জন সদস্য আছে। মুঠ সদস্য ৯৭জন। শিৱসেনা, আম আদমি পাৰ্টী আৰু আন দলৰ সদস্য মিলাই এই সংখ্যা হ’বগৈ ১১০।

আনহাতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই মঙলবাৰে কয় যে শিৱসেনাই ৰাজ্যসভাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ নিদিয়ালৈ নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন নকৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

শেহতীয়া বাতৰি