বিক্ষোভৰ মাজতে দেশত বলৱৎ হ’ল সংশোধিত নাগৰিকত্ব আইন, চৰকাৰে জাৰি কৰিলে অধিসূচনা

News18 Assam | News18-Assam
Updated:January 11, 2020, 12:26 AM IST
বিক্ষোভৰ মাজতে দেশত বলৱৎ হ’ল সংশোধিত নাগৰিকত্ব আইন, চৰকাৰে জাৰি কৰিলে অধিসূচনা
শুকুৰবাৰৰ পৰা সমগ্ৰ দেশত প্ৰযোজ্য হ’ল নাগৰিকত্ব সংশোধনী আইন। অসম তথা দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে চৰকাৰে ৰাজপত্ৰিত জাননী জাৰি কৰি এই ঘোষণা কৰে। 

শুকুৰবাৰৰ পৰা সমগ্ৰ দেশত প্ৰযোজ্য হ’ল নাগৰিকত্ব সংশোধনী আইন। অসম তথা দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে চৰকাৰে ৰাজপত্ৰিত জাননী জাৰি কৰি এই ঘোষণা কৰে। 

  • Share this:
শুকুৰবাৰে বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন। গৃহ মন্ত্ৰালয়ে ৰাজপত্ৰিত এক জাননী জাৰি কৰি এই ঘোষণা কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা জাননীত কোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰে, নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ২০১৯ (২০১৯ৰ ৪৭)ৰ ধাৰা ১ৰ উপধাৰা (২)ৰ দ্বাৰা প্ৰাপ্ত ক্ষমতাৰ প্ৰয়োগ কৰি ১০ জানুৱাৰী, ২০২০ক সেই দিনৰূপে ধাৰ্য কৰিছে য’ত উক্ত অধিনিয়মৰ নিয়ম প্ৰযোজ্য হ’ব।

উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে CAAৰ শুনানি

সমগ্ৰ দেশত এই আইনক লৈ বিৰোধ প্ৰদৰ্শন হৈ আছে। ছাত্ৰ সমাজৰ লগতে শিল্পী, সাহিত্যিক, বিভিন্ন পেছাৰ লোকে CAAৰ বিৰুদ্ধে বিৰোধ কৰি আছে। চৰকাৰে ইয়াৰ মাজতে অধিসূচনা জাৰি কৰাৰ ফলত এতিয়া কেৱল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতহে ইয়াক ৰদ কৰিব পৰা যাব বা কেন্দ্ৰ চৰকাৰেহে এই আইনৰ কোনো পৰিৱৰ্তন কৰিব পাৰে।

CAA কি?

কেন্দ্ৰ চৰকাৰে নাগৰিকত্ব আইন, ১৯৫৫ৰ সালসলনি কৰি সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক আনি দুয়োখন সদনত গৃহীত কৰোৱায়। ১২ডিচেম্বৰত ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ লগে লগে বিধেয়কখন আইনত পৰিণত হয়। ইয়াৰ এমাহ পিছত চৰকাৰে অধিসূচনাৰে সমগ্ৰ দেশত এই আইন বলৱৎ কৰিছে। এই আইনৰ ফলত বাংলাদেশৰ লগতে পাকিস্তান, আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ আৰু পাৰ্চিসকলে ভাৰতীয় নাগৰিকত্ব অনায়াসে লাভ কৰিব। অৰ্থাৎ ইয়াৰ পূৰ্বে অসমত যিসকল অবৈধ হিন্দু বাংলাদেশী আছিল তেওঁলোকে ‘কা’ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব।
Published by: Tulika Devi
First published: January 11, 2020, 12:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading