CAAৰ বিধি নিৰ্ধাৰণ কৰিবলৈ ৯জুলাইৰ সময়সীমা বান্ধি দিলে সংসদীয় কমিটীয়ে

News18 Assam | News18-Assam
Updated:February 2, 2021, 8:39 PM IST
CAAৰ বিধি নিৰ্ধাৰণ কৰিবলৈ ৯জুলাইৰ সময়সীমা বান্ধি দিলে সংসদীয় কমিটীয়ে
উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ত ২০১৯চনৰ ১২ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছিল আৰু ২০২০চনৰ ১০জানুৱাৰীৰ পৰা আইনখন দেশত কাৰ্যকৰী হৈছিল ।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ত ২০১৯চনৰ ১২ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছিল আৰু ২০২০চনৰ ১০জানুৱাৰীৰ পৰা আইনখন দেশত কাৰ্যকৰী হৈছিল ।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিধি সমূহ প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক ৯ জুলাইৰ সময়সীমা বান্ধি দিলে সংসদীয় কমিটীয়ে । Rajya Sabha Committee on Subordinate Legislationএ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক এই কামৰ কাৰণে এই বছৰৰ ৯ জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে । আনহাতে Lok Sabha Committee on Subordinate Legislationএ সেই একে কামৰ কাৰণে সময়সীমা বান্ধি দিছে ৯এপ্রিলৰ।  কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত বিধি সমূহ প্ৰস্তুত কৰি কমিটী দুখনক জমা দিব লাগিব । কমিটীখনে বিধি সমূহ পৰীক্ষা কৰি অনুমোদন জনোৱাৰ পাছতহে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কাৰ্যকৰী কৰিব পাৰিব সেই সমূহ । আৰু তেতিয়াহে আইনখন সঁচা অৰ্থত প্ৰযোজ্য হ’ব ।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ত ২০১৯চনৰ ১২ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছিল আৰু ২০২০চনৰ ১০জানুৱাৰীৰ পৰা আইনখন দেশত কাৰ্যকৰী হৈছিল । আইনখনৰ বিৰোধিতা কৰি অসমকে সমগ্ৰ দেশত তুমুল প্ৰতিবাদ সাব্যস্ত হৈছিল । এই আইনখনৰ যোগেদি ভাৰতৰ চুবুৰীয়া দেশ ক্ৰমে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অনা-মুছলমান লোকে ভাৰততে ২০১৪চনৰ ৩১ ডিচেম্বৰ পূৰ্বে অবৈধ ভাৱে প্ৰৱেশ কৰিলেও নাগৰিকত্ব লাভ কৰিব পাৰিব । অৱশ্যে উত্তৰ পূৱৰ ষষ্ঠ অনুসূচী আৰু অন্তৰাজ্যিক পাৰপত্ৰৰে সুৰক্ষিত অঞ্চল সমূহত এই আইন প্ৰযোজ্য নহয় ।
First published: February 2, 2021, 8:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি