CAAৰ বিৰোধিতাৰে উত্তাল দিল্লীৰ ৰাজপথ, বন্ধ ইণ্টাৰনেট, মে’ট্ৰ ৰে’ল সেৱা; ১৪৪ ধাৰা জাৰি

News18 Assam | News18-Assam
Updated:December 19, 2019, 3:29 PM IST
CAAৰ বিৰোধিতাৰে উত্তাল দিল্লীৰ ৰাজপথ, বন্ধ ইণ্টাৰনেট, মে’ট্ৰ ৰে’ল সেৱা; ১৪৪ ধাৰা জাৰি
Source-Google

CAA বিৰোধী আন্দোলনত এতিয়া স্তব্ধ হৈ পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী

  • Share this:
সমগ্ৰ দেশত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। CAA বিৰোধী আন্দোলনত এতিয়া স্তব্ধ হৈ পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী। আন্দোলনৰ গইনা লৈ একাংশই হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাও দেখিবলৈ পোৱা গৈছে। আন্দোলনৰ তীব্ৰতৰ ৰূপ দেখি দিল্লীৰ বিভিন্ন অঞ্চলত বন্ধ কৰি দিয়া হৈছে ম’বাইল ইণ্টাৰনেট সেৱা। বন্ধ কৰা হৈছে মে’ট্ৰ ৰে’ল সেৱা। ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে মে’ট্ৰ ৰে’ল ষ্টেচন। ফলত এতিয়া ষ্টেচনতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে বহু যাত্ৰী। চাৰিওফালে ১৪৪ নং ধাৰা বলৱৎ কৰা হৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেৱল অসম তথা উত্তৰ পূৰ্বাঞ্চল বা নতুন দিল্লীয়েই নহয় মুম্বাই, বিহাৰ, উত্তৰ প্ৰদেশ, বাংগালুৰুতো বৃহৎ সংখ্যক প্ৰতিবাদকাৰীয়ে ঠায়ে ঠায়ে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিছে।
Published by: Himangshu Bhuyan
First published: December 19, 2019, 3:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading