শ্বিলঙত দপদপকৈ জ্বলিল এটা গিৰ্জা, দুজনৰ মৃত্যু, কেনেকৈ লাগিল জুই?

News18-Assam
Updated:November 17, 2019, 10:51 AM IST
শ্বিলঙত দপদপকৈ জ্বলিল এটা গিৰ্জা, দুজনৰ মৃত্যু, কেনেকৈ লাগিল জুই?
এই অগ্নিকাণ্ডৰ ঘটনাত শোক প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

এই অগ্নিকাণ্ডৰ ঘটনাত শোক প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

  • News18 Assam
  • Last Updated: November 17, 2019, 10:51 AM IST
  • Share this:
মেঘালয়ৰ ৰাজধানী শ্বিলঙত দেওবাৰে পুৱতিনিশা জুইত জাহ গ’ল এটা গিৰ্জা। সম্পূৰ্ণৰূপে ভস্মীভূত হ’ল ১১৯ বছৰীয়া Church of God। এই অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যু হয় দুজন লোকৰ। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এই অগ্নিকাণ্ডৰ ঘটনাত শোক প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। টুইটযোগে অগ্নিকাণ্ডৰ ফটোও শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী চাংমাই।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি