চীনৰ ভূ–খণ্ডত ভাৰতীয় সেনাইহে অনুপ্ৰৱেশ কৰিছে! ওলোটা অভিযোগ চীনা দূতাবাসৰ

News18 Assam | News18-Assam
Updated:September 1, 2020, 5:32 PM IST
চীনৰ ভূ–খণ্ডত ভাৰতীয় সেনাইহে অনুপ্ৰৱেশ কৰিছে! ওলোটা অভিযোগ চীনা দূতাবাসৰ
প্রতীকী ছবি

ভাৰতেহে শান্তি ভংগৰ চেষ্টা কৰি থকাৰ অভিযোগ চীনা দূতাবাসৰ বিবৃতিত।

  • Share this:
নতুন দিল্লীঃ ভাৰতীয় সেনাবাহিনীয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰি অনুপ্ৰৱেশৰ অপচেষ্টা চলাইছে। লাডাখৰ পেংগং টাছ’ হ্ৰদৰ সমীপত ভাৰত তথা চীনা সৈন্যৰ মাজত নতুনকৈ সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ মাজত এই আজৱ দাবী কৰিছে নতুন দিল্লীৰ চীনা দূতাবাসে। চীনৰ বিবৃতি দাবী কৰা হৈছে যে সীমান্তত মোতায়েন কৰা নিজৰ সৈন্যক যাতে সংযত কৰা হয় সেই কাৰণে ভাৰতক অনুৰোধ কৰিছে চীনে।

ভাৰতৰ তৰফৰ পৰা অভিযোগ কৰা হৈছিল, শনিবাৰে ৰাতি পেংগং টাছ’ হ্ৰদৰ দক্ষিণ প্ৰান্তত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল চীনা সেনাই। তেওঁলোকক বাধা দিয়ে ভাৰতীয় সেনাই। দুইখন দেশৰ মাজত কূটনৈতিক তথা সামৰিক স্তৰত হোৱা সিদ্ধান্তৰ চৰ্তও চীনে ভংগ কৰাৰ অভিযোগ কৰিছিল ভাৰতে। সূত্ৰমতে, ভাৰতীয় সেনা জোৱানে বাধা দিয়াৰ কাৰণে দুয়োখন দেশৰ সেনাৰ মাজত হতাহতিও হয়।

চীনা দূতাবাসে ইয়াৰ পিছতে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে ৩১ আগষ্টত পেংগং টাছ’ লেকৰ দক্ষিণ প্ৰান্ত তথা চীন–ভাৰত সীমান্তৰ পশ্চিম অংশৰ ৰেকিন পাছৰ সমীপত নিয়ন্ত্ৰণৰেখা পাৰ হৈ ভাৰতীয় সেনাই উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা কৰে। দুয়োখন দেশৰ ঐক্যমতৰ ভিত্তিত যি সিদ্ধান্তত উপনীত হৈছিল সেয়া ভাৰতে ভংগ কৰাৰ ওলোটা অভিযোগ চীনৰ। ভাৰতে শান্তি ভংগৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ কৰিছে চীনা দূতাবাসে। ভাৰতৰ এই আগ্রাসী মনোভাৱে দুই দেশৰ উদ্যোগত আৰম্ভ হোৱা শান্তি ঘুৰাই অনাৰ প্ৰক্ৰিয়া বিঘ্নিত কৰিব বুলিও দাবী কৰিছে চীনে।

সীমান্তত উত্তেজনা বাঢ়িব পাৰে তথা জটিলতা বৃদ্ধি হ’ব পাৰে। ইয়াৰ মাজতে ভাৰতত সংঘাতৰ পৰা আঁতৰি থাকিবলৈ একপ্ৰকাৰ হুমকি দিছে চীনা দূতাবাসে। লগতে ভাৰতীয় সেনাক সংযত হোৱাৰো পৰামৰ্শ ৰঙা চীনৰ।
First published: September 1, 2020, 5:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading